শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন শাখাৰ আতিথ্যত গুৰুজয়ন্তী উদযাপন

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন শাখাৰ আতিথ্যত গুৰুজয়ন্তী উদযাপন

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন শাখাৰ আতিথ্যত গুৰুজয়ন্তী উদযাপন

ডিজিটেল সংবাদ,বেবেজীয়া : অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নৰহৰি শাখাৰ উদ্যোগত মণিকাঞ্চন শাখাৰ আতিথ্যত দেওবাৰৰ পৰা দুদিনীয়াকৈ ঘাহীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱ উদযাপন কৰা হয়। পুৱা ফুকন হীৰাই বন্তি প্ৰজ্বলনৰে গুৰুজয়ন্তী উৎসৱৰ শুভাৰম্ভ কৰে।

সন্ধিয়া মণিকাঞ্চন শাখাৰ ব্যৱস্থাপনাত কীৰ্ত্তন পাঠ কৰা হয়। সোমবাৰে পুৱা কমল বণিয়াৰ পৰিচালনাত প্ৰাতঃ প্ৰসঙ্গ কৰা হয়। ইয়াৰ পাছতে নৰহৰি আঞ্চলিক শাখাৰ পৰিচালনাত পৰিবেশ নিকাকৰণ কৰ হয়।

ধৰ্মধ্বজা উত্তোলন কৰে আঞ্চলিক শাখাৰ সভাপতি মোহন সিংহ ৰাজাই। ৰবীন বৰাৰ ব্যৱস্থাপনাত আকৰ্ষণীয় ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। মহাপুৰুষ গৰাকীৰ কৃষ্টি -সংস্কৃতি প্ৰদৰ্শনৰে উদ্ভাষিত হৈ পৰে ভাগৱত শোভাযাত্ৰা।

ইয়াৰ পিছতে কীৰ্তন পাঠ ,খোল প্ৰসঙ্গ ,নামপ্ৰসঙ্গ অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি আঞ্চলিক আই সকলৰ দ্বাৰা দিহানাম পৰিবেশন কৰা হয়। দিহানাম পৰিবেশন অনুষ্ঠান উদ্ধোধন কৰে ৰূপালী শইকীয়াই আৰু সঞ্চালনা কৰে চম্পা বৰদলৈয়ে। গধূলি ধৰ্মধ্বজা অৱতৰণ আৰু বন্তি প্ৰজ্বলনৰে উৎসৱৰ সামৰণি পৰে।

Also Read: অভিনেতা অতুল পৰ্চুৰেও গ'লগৈ...

Bebejia