হাতী-মানুহৰ সংঘাত ৰোধিবলৈ হাতীখুলিত নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ৰোপণ...

হাতী-মানুহৰ সংঘাত ৰোধিবলৈ হাতীখুলিত নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ৰোপণ...

author-image
Asomiya Pratidin
New Update
হাতী-মানুহৰ সংঘাত ৰোধিবলৈ হাতীখুলিত নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ৰোপণ...

হাতী-মানুহৰ সংঘাত ৰোধিবলৈ হাতীখুলিত নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ৰোপণ...

ডিজিটেল সংবাদ চামগুৰিঃ হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ বাবে নগাঁৱৰ হাতীখুলি ৰংহাং গাঁৱৰ হস্তীদণ্ডীৰ ২০০ বিঘা মাটিত কৰা ধানখেতিৰ বাবে "হাতীবন্ধু" নামৰ এটি প্ৰকৃতিপ্ৰেমী সংগঠনটোক ভুয়সী প্ৰশংসা কৰিছিল প্ৰকৃতিপ্ৰেমী তথা অসমবাসীয়ে। সমান্তৰালভাৱে হস্তীদণ্ডীটোৰ দাঁতিতে থকা হাতীখুলি পাহাৰৰ প্ৰায় ৫০০ বিঘা মাটিত হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ দীৰ্ঘকালীন উপায় হিচাপে "হাতীবন্ধু"ৰ উদ্যোগত, গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত তথা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত বন্যহস্তীৰ বাবে ৰোপণ কৰা হৈছে নেপিয়াৰ ঘাঁহ, ব্ৰুম গ্ৰাছ ইত্যাদি।

"হাতীবন্ধু"এ বিগত চাৰি বছৰে পাহৰটোৰ প্ৰায় ২০০ বিঘা মাটিৰ এই ঘাঁহসমূহ পৰীক্ষামূলকভাৱে ৰোপণ কৰি সুফল পোৱাত বিনোদ দুলু বৰাৰ নেতৃত্বত এইবছৰো পাহাৰটোত প্ৰায় ১,৭০,০০০ নেপিয়াৰ ঘাঁহৰ আগ ৰোপণৰ কাৰ্য অব্যাহত ৰাখিছে হাতীখুলি-ৰংহাং অঞ্চলৰ স্থানীয় ৰাইজে। বিগত তিনিমাহ ধৰি কেইবাখনো গাঁৱৰ ৰাইজে পালপাতি শ্ৰমদান কৰি পাহাৰটোৰ প্ৰায় ৩০০ বিঘা মাটিত ৰোপণ কৰি আছে নেপিয়াৰ ঘাঁহৰ আগবোৰ।

বন্যহস্তীৰ প্ৰিয় খাদ্য হিচাপে পৰিচিত এই বিশাল নেপিয়াৰ ঘাঁহনিয়ে বছৰৰ বিভিন্ন সময়ত খাদ্যৰ সন্ধানত অঞ্চলটোলৈ আগমণ ঘটা বন্যহস্তীৰ জাকক জনাঞ্চললৈ নামি নহাকৈ পাহাৰতে ব্যস্ত কৰি ৰাখিব পাৰিব বুলি আশাবাদী হাতীখলি-ৰংহাংবাসী ৰাইজ। তাকে হ'লে হস্তী-মানৱৰ সংঘাত নিৰ্মূলৰ ক্ষেত্ৰত এই পৰিকল্পনা এক দীৰ্ঘম্যাদী সমাধান সুত্ৰ হিচাপে পৰিগণিত হ'ব বুলিও যথেষ্ট আশাবাদী প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা।

ইফালে শ্ৰমদান কৰি নেপিয়াৰ ৰোপণ কৰা এগৰাকী মহিলাই কয়, পূৰ্বে হাতীয়ে বহু ক্ষতি কৰিছিল। ঘৰ-দুৱাৰ ভাঙিছিল, বাৰিৰ অনিষ্ট কৰিছিল। হাতীৰ বাবেই নিশা শুবলৈও নোৱাৰিছিল। পাহাৰৰ পৰা খৰি আনিবলৈও যাব পৰা নাছিল। কিন্তু হাতীবন্ধুৰ আগমণৰ লগে লগে এই সমস্যাসমূহ নোহোৱা হৈছে। হাতীৰ বাবেই ধান, নেপিয়াৰ গছ আদি লগাইছে।

Also Read: পঞ্চায়ত নিৰ্বাচনৰ হিংসাঃ TMC ৰ কৰ্মীলৈ বাওঁপন্থীৰ বোমা নিক্ষেপ, ছাত্ৰৰ মৃত্যু...

হাতী -মানুহৰ সংঘাত