হেড কনিষ্টবল কুশৰাম শইকীয়াক নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা

হেড কনিষ্টবল কুশৰাম শইকীয়াক নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
হেড কনিষ্টবল কুশৰাম শইকীয়াক নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা বিদায় সম্বৰ্ধনা

ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আইভেটি সত্ৰ নিৱাসী তথা অসম আৰক্ষীৰ হেড কনিষ্টবল কুশৰাম শইকীয়াক শনিবাৰে নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, কুশৰাম শইকীয়াই ১৯৮২ চনৰ মে' মাহত অবিভক্ত কামৰূপ জিলাত কৰ্মত যোগদান কৰিছিল।

পৰৱৰ্তী কালত বৰপেটা, নলবাৰী, তেজপুৰ, গোৱালপাৰা, ডিব্ৰুগড় আৰু শেষত নগাঁও জিলা আৰক্ষী ছাউনী যোগদান কৰি যোৱা ৩১ অক্টোবৰত আৰক্ষীৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। নিষ্ঠাৱান আৰু সৎ কুশৰাম শইকীয়াই কৰ্মৰত অৱস্থাত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ প্ৰশংসা পত্ৰ লাভ কৰাৰ লগতে ১৯৯৭ চনত স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী পেৰেডত অংশ গ্ৰহণ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল।

আজি নগাঁও জিলা আৰক্ষী ছাউনীৰ সভাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ তৰফৰ পৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই শৰাই, গামোছা আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানতে সদ্য অৱসৰপ্ৰাপ্ত নগাঁও আৰক্ষীৰ বিভিন্ন পদৰ ১৬ জন ব্যক্তিকো গামোছা আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয়।

Also Read: দীপৰ বিল সংৰক্ষণৰ বিষয় পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা

Assam police nagaon police