ডিজিটেল সংবাদ, ৰহা : আজি ঐতিহাসিক ফুলগুৰি ধেৱা দিৱস। ৰহাৰ ফুলগুৰিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ইংৰাজৰ বিৰুদ্ধে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ এই ফুলগুৰি ধেৱা স্মৃতি দিৱস।
ফুলগুৰি ধেৱা উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ধেৱা দিৱসৰ উপলক্ষে পুৱা পতাকা উত্তোলন আৰু ফুলগুৰি ধেৱা স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
ইয়াৰ পিচতে ফুলগুৰি ৰাইজমেল ভৱনৰ পৰা মানুহ পোৰা বিললৈ যোৱা হয় আৰু মানুহ পোৰা বিলত শ্বহীদসকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। মানুহ পোৰা বিলত বন্তি প্ৰজ্বলনত অংশগ্ৰহণ কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপৰি জ্যেষ্ঠ সাংবাদিক অদীপ ফুকন, ইতিহাসবিদ নৰেন পাটগিৰি আৰু নাট্য পৰিচালক প্ৰবীন হাজৰিকাই।
উল্লেখ্য যে এই মানুহ পোৰা বিলৰ পাৰতে বৃটিছৰ গুলীত প্ৰাণাহুতি দিয়া লোকসকলক ৰাইজে গোপনে সৎকাৰ কৰিছিল। দুপৰীয়া ফুলগুৰি ৰাইজমেল ভৱনত অনুষ্ঠিত হয় এক মুকলি সভা।
মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অদীপ ফুকন আৰু নৰেন পাটগিৰিয়ে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ফুলগুৰি ধেৱাক সংসদৰ মজিয়াত উপস্থাপন কৰা বুলি উল্লেখ কৰে।
উল্লেখ্য যে ১৮৬১ চনত ইংৰাজৰ অন্যায় কৰ নীতিৰ বিৰুদ্ধে নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজ ফুলগুৰিত একগোট হৈ অন্যায় কৰ নীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। ১৮৬১ চনৰ ১৮ অক্টোবৰত ফুলগুৰিত ৰাইজ একগোট হোৱাৰ সময়তে বৃটিছ সেনাই বৰ্বৰভাৱে গুলী চলাই বহু লোকক নিহত কৰিছিল আহত হৈছিল শতাধিক লোক।
কলিয়াপানী আৰু কাৰাগাৰলৈ নিক্ষেপ কৰিলে বহু লোকক। চিপাহী বিদ্ৰোহৰ পিচতে ই আছিল অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। পিচলৈ ইয়ে ফুলগুৰি ধেৱা হিচাপে খ্যাত হৈ পৰে আৰু প্ৰতি বছৰে ফুলগুৰিৰ ৰাইজে শ্বহীদসকলক সুঁৱৰি এই ফুলগুৰি ধেৱা দিৱস উদযাপন কৰি আহিছে।
Also Read: কোনো কাম নকৰাকৈ চৰকাৰী আঁচনিৰ নামত লাখ লাখ টকা আত্মসাৎ, নিমাত বিভাগীয় কৰ্তৃপক্ষ