৪২ বছৰীয়া সুন্দৰমৰ মঞ্চত বুৰঞ্জীমূলক নাটক 'মণিৰাম দেৱান'

৪২ বছৰীয়া সুন্দৰমৰ মঞ্চত বুৰঞ্জীমূলক নাটক মণিৰাম দেৱান

author-image
Asomiya Pratidin
New Update
৪২ বছৰীয়া সুন্দৰমৰ মঞ্চত বুৰঞ্জীমূলক নাটক 'মণিৰাম দেৱান'

ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ অন্যতম নাট্যগোষ্ঠী সুন্দৰম নাট্য গোষ্ঠী । ঐতিহাসিক উৰিয়াগাঁৱৰ সুন্দৰমত শনিবাৰে উৎকট গৰমত প্ৰেক্ষাগৃহত দৰ্শকৰ ভীৰ। ৪২ বছৰীয়া সুন্দৰমত ঐতিহাসিক বুৰঞ্জীমূলক নাটক মণিৰাম দেৱান উপভোগ কৰিবলৈ শিশুৰ পৰা বৃদ্ধ বনিতালৈকে হিল দল ভাঙি সমবেত হয়। সন্ধ্যা ৭বজাৰৰ পৰা অভিনীত হয় “ মণিৰাম দেৱান “।

নাটখনিৰ মঞ্চমুকলি কৰে নগাওঁ-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা সুন্দৰম প্ৰতিষ্ঠাৰ দিনৰে পৰা জড়িত প্ৰকাশ মহন্তই অনুষ্ঠানটি পৰিচালনা কৰি সুন্দৰমৰ প্ৰতিষ্ঠাৰ আঁৰৰ কথা ব্যক্ত কৰাৰ লগতে কাৰ্যক্ৰমনিকাৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। বিধায়ক ৰূপক শৰ্মাই সুন্দৰমৰ কৰ্ম পৰিক্ৰমাৰ কথা উল্লেখ কৰাৰ লগতে শিল্পী গঢ়াত সুন্দৰমৰ অৱদানক শলাগ লয় । সুন্দৰমৰ দৰে অনুষ্ঠানৰ প্ৰাসঙ্গিকতা সমাজত বাৰুকৈয়ে থকাৰ কথা উল্লেখ কৰি সুন্দৰমৰ আন্ত:গাঠনিক নৰূপ দিবলৈ সকলো প্ৰচেষ্টা হাতত লব বুলি ঘোষণা কৰি বিধায়ক ৰূপক শৰ্মাই নাটখনি শুভউদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত পীতাম্বৰ শইকীয়া, জয়ন্ত গোস্বামী, দেৱানন্দ গোস্ৱামী, গোলাপ বৰা আদি উপস্থিত থাকে ।

নাট্যকাৰ প্ৰবীণ ফুকনৰ নাটক মণিৰাম দেৱান পৰিচালনা কৰিছে প্ৰাঞ্জল হাজৰিকাই । অসম বুৰঞ্জীৰ এটি পৰিচিত নাম মণিৰাম দেৱান। ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। চাহ খেতিয়ক , ঔদ্যোগিক মণিৰাম দেৱানৰ জীৱনৰ ওপৰত আলোকপাট কৰি ৰচনা কৰা নাট খনিত আজি অভিনয় কৰে যশোবন্ত শৰ্মা ( কন্দৰ্পেশ্বৰ সিংহ) , প্ৰাঞ্জল হাজৰিকা (মণিৰাম দেৱান), কমলেশ শইকীয়া (কমিচনাৰ মিল), দিলীপ কুমাৰ বৰা( কেপ্তইন হলৰইড ) , বাবুল ভাগৱতী( হৰনাথ পৰ্বতীয়া বৰুৱা) , জিতুমনি বৰা( পিয়লী বৰুৱা)ৰ লগতে বীৰেন শইকীয়া , দিনেশ শইকীয়া , ৰূপৰাম হাজৰিকা , হিৰক জ্যোতি শইকীয়া , ঘনশ্যাম শইকীয়া , প্ৰবীন হাজৰিকা , পলাশ গোস্বামী, মোহন হাজৰিকা, পদুম বৰুৱা ই পুৰুষৰ চৰিত্ৰত অভিনয় কৰে। ইফালে মহিলাৰ চৰিত্ৰত প্ৰহেলিকা কৌশিক গোস্বামী (ৰাজমাও), সংগীতা বৰা(ললিতা), দৃষ্টি হাজৰিকা(ফুলকুমাৰী ), পুজা বৰা(নুমলী) চৰিত্ৰত অভিনয় কৰে। নাটকৰ শব্দ-পোহৰ গৌতম শইকীয়াৰ , সংগীত সন্তোষ কলিতা, দেৱাশীষ বশিষ্ট , নবজিৎ বিশ্বাসৰ ।

Also Read: খানাপাৰাত 'এফপিঅ' এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট' সন্দৰ্ভত প্ৰশিক্ষণ

nagaon RUPAK SARMA