হোজাই জিলা সত্ৰ ন্যায়ধীশ আদালতৰ ৰায়দান : স্বামীহন্তা পত্নীক যাৱজ্জীৱন কাৰাদণ্ডসহ ১০হাজাৰ টকাৰ জৰিমনা

hojai
hojai
Published on
Updated on

ডিজিটেল সংবাদ,লংকা : স্বামীক হত্যা কৰা গোচৰত হোজাইৰ কাকীৰ এগৰাকী মহিলাক সশ্রম যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহে হোজাই জিলা সত্ৰ ন্যায়াধীশ আদালতে। উল্লেখ যে, যোৱা ৮ আগষ্ট ২০১৬ত কাকীত মহিলাগৰাকীয়ে স্বামী ৰাতুল বৰাক চোকা অস্ত্রৰে আক্ৰমণ কৰিছিল, ফলত প্ৰাণ গৈছিল ৰাতুল বৰাৰ।

পৰৱৰ্তী সময়ত মৃত ৰাতুলৰ পিতৃয়ে ঘটনা সন্দৰ্ভত কাকী আৰক্ষী থানাত ১২৩/১৬ নম্বৰত ৰুজু কৰিছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত কাকী আৰক্ষীয়ে পত্নীগৰাকীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

প্ৰায় ৯ বছৰৰে শংকৰদেৱ নগৰ আদালতত উক্ত ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলি আছিল। জানিব পৰা মতে১০গৰাকী সাক্ষীবাদীৰ লগতে উভয় পক্ষৰ শুনানিৰ পাছত শুকুৰবাৰে জিলা সত্ৰ ন্যায়ধীশ আদালতে স্বামীহন্তা মহিলাগৰাকীক দোষী সাৱ্যস্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড দিয়াৰ লগতে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে উক্ত গোচৰত মৃত ৰাতুল বৰাৰ হৈ আদালতত যুক্তি দৰ্শাইছিল হোজাইৰ শংকৰদেৱ নগৰ আদালতৰ চৰকাৰী অধিৱক্তা অমৰ জ্যোতি শইকীয়াই।

hojai
কামপুৰৰ পশ্চিম গুইমাৰীত চাঞ্চল্যকৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in