প্ৰহসনত পৰিণত হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগ ! উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাইজৰ

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
Published on
Updated on

ডিজিটেল সংবাদ, মোৰাঝাৰ : হোজাই জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ যেন প্ৰহসনত পৰিণত হৈছে সেয়া নিশ্চিত ! হোজাই জিলাৰ বান্দৰ মেলা ১নং ওৱাৰ্ডৰ জল জীৱন মিচন আঁচনিৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি আচঁনিৰ ঠিকাদাৰে ৰাইজৰ পৰা পাইপ ফিটিংৰ নামত ৩০০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত ঘোচ লৈ এক অৰাজক পৰিস্থিতিত সৃষ্টি কৰিছে। হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াই কমিচনৰ অংকত ঠিকাদাৰৰ পক্ষত থিয় দিয়াৰো অভিযোগ স্থানীয় ৰাইজৰ।

খোৱাপানী যোগানৰ পাইপেৰে পুখুৰীত পানী দিয়াৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বান্দৰমেলা ১নং ৱাৰ্ডৰ জল জীৱন মিচন আঁচনিৰ পানী হৰ ঘৰৰ বিপৰীতে পাৰুল আহমেদ নামৰ এগৰাকী লোকৰ পুখুৰীত তিনি ইঞ্চিৰ পাইপেৰে পানীৰ পাইপ বহুৱাই দিয়া হয়।

ভূমিদাতা পাৰুলে নিজৰ পৈতৃক সম্পত্তিৰ দৰে চৰকাৰী আচঁনি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাটো মানি ল'ব পৰা নাই সাধাৰণ ৰাইজে। চৰকাৰী আঁচনি ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰাতো কিমান গ্ৰহণযোগ্য সেয়া আজিৰ দিনত ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে।

এফালে আঁচনিটোৰ কাম লেহেমীয়াকৈ চলিছে, আনফালে চৰম দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ উপৰিও আঁচনিৰ পাইপসমূহ বিভাগৰ নিয়মমতে ৩ ফুট ৩ ইঞ্চি পুতিব লাগে যদিও ঠিকাদাৰে মাত্ৰ এফুটমান ওপৰতে ৰখাৰ অভিযোগ উঠিছে ৷

জানিব পৰা মতে আঁচনিৰ কাম নিয়ম মতে নকৰি আঁচনিটোৰ সিংহভাগ ধন ইতিমধ্যে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ হোজাই জিলা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ গাফিলতিৰ বাবে জিলা খনৰ বিভিন্ন অঞ্চলত জলজীৱন আঁচনিৰ দুৰৱস্থাই দেখা দিছে। বান্দৰ মেলা ১ নং ওৱাৰ্ডত চলি থকা জল জীৱন আঁচনিটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাইছে স্থানীয় ৰাইজে।

প্ৰতিনিধিত্বমূলক ফটো
টাইকোৱাণ্ডোত এঞ্জেলপ্ৰিয়া শইকীয়াৰ ৰূপৰ পদক অৰ্জন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in