ফটকা, আটচবাজীৰ বিৰুদ্ধে নগাঁও কলেজ (অট’নমাচ)ৰ NSS গোটৰ দ্বাৰা মানৱ শৃংখল

‘সেউজ দীপাৱলী উদযাপন কৰোঁ আহক’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন

author-image
Asomiya Pratidin
New Update
ফটকা, আটচবাজীৰ বিৰুদ্ধে নগাঁও কলেজ (অট’নমাচ)ৰ NSS গোটৰ দ্বাৰা মানৱ শৃংখল

ডিজিটেল সংবাদ,নগাঁও: নগাঁও কলেজ (অট’নমাচ)ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ) গোটৰ উদযোগত আৰু নগাঁও ছোৱালী কলেজ, খাগৰিজান মহাবিদ্যালয় আৰু জি.এন. ডি.জি কমাৰ্চ কলেজৰ সহযোগত দীপাৱলী উপলক্ষ্যে ‘সেউজ দীপাৱলী উদযাপন কৰোঁ আহক’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী সম্পন্ন কৰা হয়। দীপাৱলীৰ উপলক্ষ্যে ফটকা, আতচবাজীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই এক সজাগতা কাৰ্যসূচী নগাঁও কলেজৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত সম্পন্ন কৰা হয়।

এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড০ ভূবন চন্দ্ৰ চুতীয়াই এই কাৰ্যসূচীৰ আঁত ধৰি ‘সেউজ দীপাৱলী উদযাপন কৰোঁ আহক’ কাৰ্যসূচীৰ লক্ষ্য অৱগত কৰে। লগতে দীপাৱলীত সমাজখনক শান্ত, স্বচ্ছ, শব্দ প্ৰদূষণৰ পৰা মুক্ত কৰি সেউজ দীপাৱলী অৰ্থাৎ পোহৰৰ উৎসৱ হিচাপে দেৱালী উদযাপন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়।

‘সেউজ দীপাৱলী উদযাপন কৰোঁ আহক’ এই কাৰ্যসূচীত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° ৰঞ্জিত কুমাৰ মজিন্দাৰে। নগাঁও ছোৱালী কলেজৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া ড০ অমিয়া পাটৰে এন এছ এছ গোটে দীপাৱলীৰ সময়ত লোৱা বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আভাস দি সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।

খাগৰিজান মহাবিদ্যালয়ৰ এন এছ এছৰ কাৰ্যসূচী বিষয়া মইনুল হকেও কাৰ্যসূচীত সহযোগিতা আগবঢ়াই দীপাৱলীত পৰিৱেশৰ প্ৰতি ল’বলগীয়া সচেতনতাৰ কথা উল্লেখ কৰে। ৫০০ৰো অধিক এন এছ এছৰ সদস্যই ফটকা, আতচবাজী ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ, সমাজত এক সজাগতা প্ৰদান কৰিবলৈ মানৱ শৃংখল গঠন কৰে।

লগতে দীপাৱলীত সকলোৱে ফটকা ব্যৱহাৰৰ পৰা বিৰত থাকি, পোহৰৰ উৎসৱ হিচাপে উদযাপন কৰিবলৈও শপত বাক্য পাঠ কৰে। এন এছ এছৰ স্বেচ্ছাসেৱকসকলে পথচাৰীসকলৰ মাজত মিঠাই বিতৰণ কৰি তেওঁলোকক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে।

তদুপৰি, যোৱা ২৭ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ‘মাই ভাৰত পৰ্টেল’ৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষ্যে ভাৰত চৰকাৰৰ ‘যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে’ আয়োজন কৰা দেশজোৰা অভিযানৰ অংশস্বৰূপে নগাঁও কলেজ, নগাঁও ছোৱালী কলেজ, খাগৰিজান কলেজ আৰু জিএনডিজি কমাৰ্চ কলেজৰ এন এছ এছ গোটে সহযোগিতাৰে নগাঁও জিলাৰ বৰবজাৰত চাফাই অভিযান, নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়ত স্বেচ্ছাই সেৱা প্ৰদান, নগাঁও জিলাৰ বিভিন্ন স্থানত স্বেচ্ছাই ট্ৰেফিক নিয়ন্ত্ৰণ আদি বিভিন্ন কাৰ্যসূচী সমাপন কৰে।

মহাবিদ্যালয়সমূহৰ এন এছ এছৰ সদস্যসকলে নগাঁও ক্লক টাৱাৰ পইণ্ট, এছ বি আই নগাঁৱৰ ওচৰৰ ট্ৰেফিক স্থান আৰু আন বহু স্থানত যাতায়ত পৰিচালনা কৰে। নগাঁও যান-বাহন আৰক্ষী শাখাৰ মুৰব্বী ৰবীন চন্দ্ৰ ফুকনে এই কাৰ্যসূচীৰ বাবে আয়োজক আৰু এন এছ এছৰ স্বেচ্ছাসেৱকসকলৰ সহায় আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অংশগ্ৰহণকাৰী মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলে এন এছ এছৰ সকলো সদস্যক এই পদক্ষেপৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Also Read: ওদালগুৰিত দিনজোৰা কাৰ্যসূচীৰে ২২ সংখ্যক জিলা দিৱস পালন...

নগাঁও কলেজ (অট’নমাচ) দীপাৱলী