ডিজিটেল সংবাদ, নগাঁওঃ কৃষক আৰু বঞ্চিত শ্ৰমিকৰ অধিকাৰৰ হকে কৃষক শ্ৰমিক আৰু কৃষি শ্ৰমিক সকলে বিভিন্ন সংগঠনৰ সহযোগত দিল্লীত ৰূপায়ণ কৰা মহাবিক্ষোভ কাৰ্যসূচীৰ সমৰ্থনত নগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বুধবাৰে চিটুৰ উদ্যোগত কেবাটাও সংগঠনে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
কৃষক শ্ৰমিকৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰা আৰু শোষণকাৰীৰ পৰা দেশ বচোৱাৰ দাবীত ৰূপায়ণ কৰা হয় বিক্ষোভ কাৰ্যসূচী । নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ সমীপত এই কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে ৷
সংগঠন সমূহৰ সদস্যসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।কাৰ্যসূচীত চিটুৰ লগতে নিখিল ভাৰত কৃষক সভা, নিখিল ভাৰত আশাকৰ্মী ইউনিয়ন আদি সংগঠনৰ জিলা সমিতিৰ কৰ্মী সকলে অংশগ্ৰহণ কৰে ।
Also Read: তাজমহল ধ্বংস কৰি মন্দিৰ নিৰ্মাণ কৰাৰ মন্তব্য কৰি বিপদত ৰূপজ্যোতি কুৰ্মী...