নগাঁৱত নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা...

নগাঁৱত নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা...
নগাঁৱত নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত আগষ্ট মাহৰ বাবে জিলা পৰ্যায়ৰ নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ মাহেকীয়া বৈঠক আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্য জ্যোতি দাসে সভাৰ উদ্দেশ্য সন্দৰ্ভত সভাক অৱগত কৰি নগাঁও জিলাৰ প্ৰেক্ষাপটত ড্ৰাগছ আসক্তিৰ ভাবুকি, উদ্বেগজনক ক্ষেত্ৰ, নিচাসক্তৰ বয়সৰ গোট, ড্ৰাগছ ব্যৱসায়ৰ হট স্পট, ড্ৰাগছ সেৱন আৰু অন্যান্য এনে আনুষংগিক বিষয়ৰ সৈতে জড়িত বিভিন্ন বিষয়ত আলোচনাৰ বাবে মঞ্চ মুকলি কৰে ।

জিলাখনত ড্ৰাগছ সেৱনৰ বিপদৰ সৈতে মোকাবিলা কৰাৰ ওপৰত এখন খচৰা এছ অ’ পি দাখিল কৰা হয় য’ত ওপৰত উল্লেখ কৰা বিষয়সমূহৰ বিৰুদ্ধে যুঁজিবলৈ চক্ৰ পৰ্যায়ৰ সমিতি গঠনৰ কথাও উল্লেখ কৰা হয় আৰু উপস্থিত সদস্যসকলৰ পৰা পৰামৰ্শ বিচৰা হয়। জিলা আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত ড্ৰাগছৰ চাহিদা আৰু যোগান ৰোধ কৰাত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে, পুনৰ্বাসন আৰু আৰক্ষীৰ হস্তক্ষেপৰ লগতে শিশুকে ধৰি যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ সেৱনৰ ক্ৰমবৰ্ধমান বিপদ মোকাবিলা কৰাত সামগ্ৰিকভাৱে সমাজৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ। সভাত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়া, চক্ৰ বিষয়া, বিডিঅ', নেহৰু যুৱ কেন্দ্ৰৰ প্ৰতিনিধি, নাগৰিক সমাজ, বেচৰকাৰী সংস্থা আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰ আৰু বিষয়াসকল উপস্থিত থাকে।

নগাঁৱত নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ গুৰুত্বপূৰ্ণ সভা...
পৰম্পৰাগত ঔষধ সংক্ৰান্তীয় বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম গোলকীয় সন্মিলন আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in