"আইডিয়েল ইংলিছ স্কুল"ৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন...

ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠিত এই ইংৰাজী মাধ্যমৰ বিদ্যালয়
"আইডিয়েল ইংলিছ স্কুল"ৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন...
"আইডিয়েল ইংলিছ স্কুল"ৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ উদ্যোগত প্ৰতিষ্ঠিত ইংৰাজী মাধ্যমৰ শাখা "আইডিয়েল ইংলিছ স্কুল"ৰ আজি উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। মাংগলিক কাৰ্যসূচীৰ মাজেৰে প্ৰাক্তন শিক্ষামন্ত্ৰী গৌতম বৰাই ফিটা কাটি "আইডিয়েল ইংলিছ স্কুল"ৰ শুভ উদ্বোধন কৰে।

পাছত ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্যে ব্যখ্যা কৰে ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ছফিকুল ইছলামে। কোৰান পাঠ, বিহুনাচ, সমবেত সংগীত আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰেৰে অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে ৰামপুৰ ছলাপথাৰ জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক নুৰ জামাল আনচাৰিয়ে।

অনুষ্ঠানটিত নগাঁও চৰকাৰী বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষা তুলুমণি দেৱী, হোজাই জিলাৰ লংকা কৃষ্ণ বৰা বি এড কলেজৰ অধ্যক্ষ ড০ মুস্তাফিজুৰ ৰহমান, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইয়াচিন আলী, নগাঁও হোমিওপেথিক কলেজৰ অধ্যক্ষ মাইনুল হক চৌধুৰী, ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰাগ দেৱনাথ, বটদ্ৰৱা জাাতীয় বিদ্যালয়়ৰ অধ্যক্ষ দিলীপ চন্দ্ৰ বৰা, মৰিগাঁও বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল নেওগকে আদি কৰি অতিথি বৃন্দ, ছাত্ৰ ছাত্ৰী, অভিভাৱক-আভিভাবিকা সহ সহস্ৰাধিক লোক উপস্থিত থাকে।

"আইডিয়েল ইংলিছ স্কুল"ৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন...
'বাটলাৰক কেনেকৈ বল কৰিব সেয়া একো বুজি পোৱা নাছিল বলাৰে'- শ্ৰেয়াস আয়াৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in