কামপুৰত শিশু উদ্যানৰ শুভ উদ্বোধনী অনুষ্ঠান

কামপুৰত শিশু উদ্যানৰ শুভ উদ্বোধনী অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ : কামপুৰ পৌৰসভাৰ ২ নংমহলাত এখন শিশু উদ্যানৰ শুভ উদ্বোধন কৰা হয়। শুকুৰবাৰে আয়োজন কৰা এই অনুষ্ঠানত শিশু উদ্যানখনৰ শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ।

উল্লেখ্য যে, পৌৰসভাৰখনৰ উদ্যোগত তথা ২ নং মহলাৰ আয়ুক্ত মালবিকা বৰাৰ প্ৰচেষ্টাত নিৰ্মাণ এই উদ্যানখন নিৰ্মাণ কৰা হয়। শুকুৰবাৰে অনুষ্ঠিত উদ্বোধনী সভাত বিধায়কগৰাকীৰ লগতে কামপুৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

ধৰিত্ৰী বৰুৱাৰ সভাপত্বিত অনুষ্ঠিত সভাখনত বিধায়কগৰকীয়ে কামপুৰ পৌৰসভাই শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ বাবে উদ্যানকখন নিৰ্মাণ কৰাৰ বাবে ধন্যবাদ জনায়। বিধায়ক গোস্বামীয়ে কয় যে, কামপুৰ পৌৰসভালৈ চৰকাৰে আবণ্টিন দিয়া ধনেৰে আগন্তুক দিনত কামপুৰ পৌৰসভাক আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি মন্তুব্য কৰে।

কামপুৰ পৌৰসভাৰ অভিযন্তা চন্দন হাজৰীকাই আঁত ধৰা সভাখনত উপস্থিত থাকে পৌৰসভাৰ উপ-সভাপতি জয়ন্তু ফুকন,কামপুৰ পৌৰসভাৰ প্ৰাক্তন সভাপতি মাধৱ লস্কৰ,জ্যেষ্ঠ সাংবাদিক সভাৰাম মজুমদাৰ,পৌৰসভাৰ সদস্য সুৰজিত গোস্বামী,যতীন বৰা,আয়ুক্ত ভূপেন বৰাৰ লগতে আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

কামপুৰত শিশু উদ্যানৰ শুভ উদ্বোধনী অনুষ্ঠান
জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in