ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনত মঙলবাৰে ৰটাৰী ক্লাৱৰ উদ্যোগত পৱন কুমাৰ আলমপুৰীয়াৰ অৰ্থ সাহাৰ্য্যৰে "অমৃত ধাৰা" শীৰ্ষক খোৱাপানীৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। লগতে শিশু নিকেতনৰ চোতালত খেলনা সামগ্ৰী স্থাপন কৰি এখনি শিশু উদ্যান আৰু এটি নতুন কম্পিউটাৰ কক্ষৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই।
তিনিটা প্ৰকল্পৰ শুভাৰম্ভ কাৰ্যসূচীৰ বাবে ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনত ছাত্ৰ ছাত্ৰী, আচাৰ্য-আচাৰ্যা, পৰিচালনা সমিতি আৰু অতিথিসকলৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। ইফালে শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা এখনি সভা অনুষ্ঠিত হয়।
শংকৰদেৱৰ শিশু নিকেতন পৰিচালনা সমিতিৰ সভাপতি নৱকমল ৰাজাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰিচালনা সমিতিৰ সম্পাদক কিৰণ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰে। পাছত ভব্যা দৰ্শনী শইকীয়াই বৰগীত পৰিৱেশন কৰা অনুষ্ঠানটি সমাজকৰ্মী ৰঘুবিৰ আলমপুৰীয়া, পৱন আলমপুৰীয়া, বিশাল আগৰৱালা, সুমিত আগৰৱালা, নিখিল বাৰ্মা, ৠষভ বৈদ, বিৰেন কোহৰ, বিজয় কোঠাৰী, হৰ্ষিত মিট্টল, যুগল মৌৰ, ধীৰাজ ডোগৰ, ধৰিত্ৰী শৰ্মা, ৰোহিণী বৰা, জিতেন বৰা, প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়া, ভদ্ৰেশ্বৰ বৰা, গিৰিধাৰী লাল আগৰৱালাকে আদি কৰি ৭ শতাধিক লোক উপস্থিত থাকে।
সভাৰ শেষত ৰটাৰী ক্লাৱ উদ্যোগত তথা পৱন কুমাৰ আলমপুৰীয়াৰ অৰ্থ সাহাৰ্য্যৰে অমৃত ধাৰা খোৱাপানীৰ প্ৰকল্প মাংগলিক কাৰ্যসূচীৰ মাজেৰে শুভাৰম্ভ কৰা হয়। পাছত বিয়লি ভাগত বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত খেলনা সামগ্ৰী স্থাপন কৰি এখনি শিশু উদ্যান মুকলি অনুষ্ঠানত অংশগ্ৰহন কৰি ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ হৈ বিশাল আগৰৱালাই খেলা-সামগ্ৰীয়ে কণমানিসকলৰ শাৰিৰীক আৰু মানসিক বিকাশ কৰাৰ লগতে আকাংক্ষাকো ডেউকা প্ৰদান কৰে বুলি মন্তব্য কৰে ৷
লগতে কয়- খেলা-সামগ্ৰীয়ে কেৱল মন আনন্দিত কৰাই হয়, লক্ষ্যও নিৰ্ধাৰিত কৰে৷ এনে খেলা-সামগ্ৰীৰ আধৰুৱা সপোন থকা ঠাইৰ শিশুসকলক খেলা ধূলাৰ সুবিধা প্ৰদানে মনলৈ প্ৰশান্তি আনে। আমাক এই সুযোগ দিয়াৰ বাবে ধন্যবাদ, আমি সৰ্বমুঠ ৫২ খন বিদ্যালয়ত ৫২ খন খেলনা উদ্যান নিৰ্মান কৰাৰ সংকল্প লৈছোঁ। আজি এইখন ২৭ নম্বৰৰ উদ্যান বুলি ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাই "শংকৰদেৱ শিশু নিকেতনত জাতীয় আৰু ৰাষ্ট্ৰীয় চেতনাৰে দেশক ভালপোৱা শিক্ষা প্ৰদান কৰা হয়।" বুলি ভাষণ প্ৰদান কৰে। পাছত মাংগলিক কাৰ্যসূচীৰ মাজেৰে ফিটা কাটি বিধায়ক ৰূপক শৰ্মাই খেলনা উদ্যানখন মুকলি কৰে।
উল্লেখ্য যে, ৰামলাল দূৰ্গাদত্ত চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত ৰাইডঙীয়া শংকৰদেৱ শিশু নিকেতনত প্ৰতিষ্ঠা হোৱা শিশু উদ্যানখনত শিশু ওমলা উন্নত মানৰ জোলনা(Swing), স্লোপিং, টয় ড্ৰেইন, মেৰি গ' ৰাউণ্ড(Merry go round) আদি সংস্থাপন কৰা হৈছে।
Also Read: ক’ত হেৰাল লাজ, মান-সন্মানবোৰ ?