পুৱা পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন...

পুৱা পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন...
পুৱা পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ সমগ্ৰ দেশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনটো ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। পুৱা ছাত্ৰ ছাত্ৰী, অভিভাৱক-অভিভাৱিকাসহ, আচাৰ্য-আচাৰ্যাৰ উপস্থিতিত পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ উপ-সভাপতি সুনিল বৰুৱাই।

পুৱা নিকেতনৰ প্ৰধান আচাৰ্য সোনামনি কলিতাই আঁত ধৰা অনুষ্ঠানটিত পতাকা উত্তোলন কৰি দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিয়া স্বহীদ সকলক সোঁৱৰণ কৰে বৰুৱাই। লগে লগে সকলোৱে জাতীয় সংগীত পৰিবেশন কৰে।

অনুষ্ঠানটি নিকেতন পৰিচালনা সমিতিৰ সম্পাদক পৰাগ কুমাৰ কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে। ইফালে স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বটদ্ৰৱা অঞ্চলৰ অৱসৰপ্ৰাপ্ত বীৰ সেনানীসকলক সম্বৰ্ধনা জ্ঞাপণ কৰি তেখেতসকলৰ বীৰগাথা সোঁৱৰণ কৰাৰ লগতে শ্ৰদ্ধা জনোৱা হয়।

ইয়াৰোপৰি বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়, জাতীয় বিদ্যালয় বটদ্ৰৱা, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, ভোমোৰাগুৰি মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, ৰাইদঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আদি অঞ্চলটোৰ সকলো শিক্ষানুষ্ঠানত ত্ৰিৰংগা পতাকা উত্তোলন কৰি স্বাধীনতা দিৱস উদযাপন কৰা হয়।

পুৱা পতাকা উত্তোলনেৰে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানত স্বাধীনতা দিৱস উদযাপন...
মুছলপুৰত অঘটনঃ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঢলি পৰিল ২২ গৰাকী শিক্ষাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in