নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন

নগাঁও-ৰাঙলুত ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : “ প্ৰমান স্পষ্ট : প্ৰতিৰোধৰ বাবে হাত আগবঢ়াওক ” এই বাক্য শাৰীকেই মূল মন্ত্ৰ হিচাপে লৈ সমগ্ৰ বিশ্বৰ লগতে বুধবাৰে নগাঁৱতো ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী আন্তৰ্জাতিক দিৱসটি উদযাপন কৰা হয় ৷ জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত আয়োজিত হোবা দিৱসটিত আজি পুৱা ১০ বজাত নগাঁও ফৌজদাৰীপট্টিস্থিত দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগনৰ পৰা এটি পদযাত্ৰাও উলিওৱা হয় ৷

উক্ত পদযাত্ৰাটি মুকলি কৰে নগাঁও জিলা ও সত্ৰ ন্যায়াধীশ তথা জিলা আইন সেৱা প্ৰাধিকাৰীৰ অধ্যক্ষ বিশ্বজিৎ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,দ্ৰোৰ্ণাচাৰ্য্য উচ্চ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ তথা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷

ইয়াৰ পাছতে বিদ্যালয়ৰ সভাকক্ষত এখন সজাগতা সভা সম্পন্ন হয় ৷ সজাগতা সভাখনিত উপস্থিত থাকি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগে উপস্থিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সাম্প্ৰতিক সময়ত ড্ৰাগছৰ ভয়াৱহতাৰ বাবে সমাজত ঘটি থকা বিভিন্ন সমস্যাসমূহৰ ওপৰত বিষদভাৱে ব্যাখ্যা আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনায় ৷

আনহাতে,জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু ৰাঙলুস্থিত গ্ৰাম বিকাশ পৰিষদৰ সহযোগত আয়োজিত হয় এখনি সজাগতা সভা ৷ উক্ত সভাখনিত উপস্থিত থাকে জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মুনমী নেওঁগ,গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদ্দেষ্টা চিৰাজউদ্দিন আহমেদ,সমাজকৰ্মী ,শিক্ষাবিদ-জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাকে প্ৰমুখ্য কৰি আন আন বিশিষ্ট লোকসকলৰ লগতে গ্ৰাম বিকাশ পৰিষদৰ আৱাসীসকল ৷

ইফালে,নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসীক ৰোগ নিৰাময় বিভাগৰ তৰফৰ পৰা আজিৰ এই দিৱসটি উদযাপন কৰা হয় নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত ৷ বিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এই উদ্দেশ্য আয়োজিত সজাগতা সভাত বিদ্যালয়ৰ অধ্যক্ষ-শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

লগতে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসীক ৰোগ নিৰাময় বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদ, বিষয়ববীয়া ক্ৰমে মনিমালা মহন্ত,গীতামনি বৰুৱা আৰু অবনিতা শইকীয়াকে ধৰি আন আন কৰ্মকৰ্তাসকলৰ লগতে শতাধিক ছাত্ৰ উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in