ডিজিটেল সংবাদ, মায়ংঃ মৰিগাঁও জিলাৰ জাগীৰোড ৰে'লৱে আৰক্ষী পহৰা চকীৰ তত্বাৱধায়কৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ এগৰাকী মহিলা হোমগাৰ্ডৰ। বিষাক্ত সাপে দংশন কৰাৰ পিছতো চুটি মঞ্জুৰ নকৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ জাগীৰোড ৰে'লৱে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক বৰ্মন ৰংপীৰ বিৰুদ্ধে।
অভিযোগ উত্থাপন কৰিছে আছমা খাতুন নামৰ হোমগাৰ্ড গৰাকীয়ে। বৰ্তমান চাকৰিও নাই আৰু প্ৰাপ্য দৰমহাৰ পৰাও বঞ্চিত কৰিলে একমাত্ৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক জনে। অসহায় হৈ পৰিছে হোমগাৰ্ড গৰাকী।
উল্লেখ্য যে যোৱা ৯ জুনৰ দিনা জাগীৰোড ৰে'লৱে ষ্টেচনত কৰ্তব্যৰত অৱস্থাত বিষাক্ত সাপে দংশন কৰিছিল মায়ঙৰ কুছিয়ানি গাঁৱৰ আছমা খাতুন নামৰ হোমগাৰ্ড গৰাকীক। আছমাই নিজৰ বুদ্ধিমত্তাৰে পকেটত থকা ৰুমাল খনেৰেই প্ৰথমে ভৰিত এটা টানকৈ গাঠি মাৰি জাগীৰোড ৰে'লৱে হস্পাতালত ভৰ্তি হয় সহপাঠীৰ সহযোগত।
চিকিৎসকে ততাতৈয়াকৈ সোনাপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। সোনাপুৰত পাঁচটাকৈ চেলাইন দিয়াৰ পিছত কিছু সুস্থ হৈ পৰে আছমা। পিছে জাগীৰোড ৰে'লৱে আৰক্ষীৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক জনে সহায় কৰাটো দুৰৈৰ কথা, বিশ্বাসেই নকৰিলে আছমাক সাপে দংশন কৰা বুলি। ওলোটাকৈ কৰ্তব্যত অনুপস্থিত থকাৰহে শাস্তি বিহিলে।
শৰীৰত বিষাক্ত সাপৰ বিহ লৈ অসুস্থ দেহাৰে তিনি দিন পিছত মালিগাওঁ ৰে'লৱে হেড অফিচৰ অধীক্ষকৰ পৰা ১০ দিনৰ চুটি মঞ্জুৰ কৰি লৈ আহে যদিও সেই চুটি মঞ্জুৰ কৰা নিৰ্দেশটো লুকুৱাই ৰাখি কৰ্তব্যত অনুপস্থিত থকা বুলিহে দেখুৱালে তত্বাৱধায়ক জনে।কিয় এনে ধৰণৰ নিকৃষ্ট কাণ্ড কৰিছে আছমাৰ ক্ষেত্ৰত সেই কথা নাজানে আছমাই।
ইপিনে শাৰীৰিক ভাৱে ক্ৰমাত অসুস্থ হৈ পৰে আছমা।তাৰ পিছত নগাঁৱৰ এখন নাৰ্ছিং হোমতগৈ চিকিৎসা কৰে।তাৰ পিছতো ভাল নোহোৱাত ৯ জুলাইত দিল্লীৰ VMMC AND SAFDARJUNG HOSPITAL ত ভৰ্তি হয়। ১০দিন চিকিৎসালয়ত থাকি কিছু সুস্থ হৈ পুনৰ অসমলৈ আহে যদিও কৰ্তব্যত যোগদান কৰাত বাধা প্ৰদান কৰে বৰ্মন ৰংপি নামৰ ভাৰপ্ৰাপ্ত তত্বাৱধায়ক জনে।
কি ৰহস্য জনক কাৰনত এইদৰে শাস্তি মূলক ব্যৱস্থা হাতত ল'লে সেই কথা আছমাই আজিও নাজানে।আছমা এতিয়া ভাৰাক্ৰান্ত। স্বামীক চাৰি বছৰ পূৰ্বে হেৰুৱাই দিশহাৰা হৈ পৰা আছমাই এটি সন্তানক লগত ৰাখি দৰমহাৰ টকা কেইটাৰে কোনো মতে চলি আছিল যদিও সেয়াও বন্ধ হৈ পৰিল।
যোৱা ৯ বছৰ মৰিগাঁও জিলাৰ বিভিন্ন থানাত কৰ্তব্য পালন কৰি আহিছে যদিও কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল। সকলোৱেই মৰম কৰিছিল আছমাক।কিন্তু জাগীৰোড ৰে'লৱে আৰক্ষীৰ তত্বাৱধায়ক আৰু এগৰাকী সহকৰ্মী এজনৰ কিয় এইদৰে নিৰ্যাতন চলালে সেয়া ৰহস্য জনক।
আছমাই সু-বিচাৰ পাবলৈ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপিছে। আনহাতে দিল্লীৰ চিকিৎসকে পুনৰ চেকাপৰ বাবে আছমাক তাৰিখ নিৰ্ধাৰণ কৰি দিছিল। সেই অনুসৰি টকা ঋনত লৈ সোমবাৰে পুনৰ ৰেলেৰে জাগীৰোডৰ পৰা ৰাওনা হৈছে দিল্লী লৈ চিকিৎসাৰ বাবে।
Also Read: সাৰ কাৰখানা বন্ধ কৰাৰ বিৰোধ কৰি অসমীয়া যুৱ মঞ্চৰ আন্দোলন ঘোষণা