নগাঁৱৰ জাজৰি উঃ মাঃ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰস্তুতি

১৯৪৪ চনতে প্ৰতিষ্ঠা লাভ কৰা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰস্তুতি। সংবাদমেলযোগে দেশ-বিদেশ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত সিচঁৰতি হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সহযোগৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ জাজৰি উঃ মাঃ বিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া বটদ্ৰৱাৰ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়খনি বৃহত্তৰ অঞ্চলটোৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ অনুষ্ঠান। ১৯৪৪ চনতে অঞ্চলটোৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনিয়ে ইতিমধ্যে ৭৯ টা বৰ্ষ অতিক্ৰম কৰিছে। বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ উপৰি দেশ-বিদেশত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

বিভিন্ন ঠাইত সিচঁৰতি হৈ থকা এই ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক একত্ৰিত কৰি প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ বিশাল প্ৰস্তুতি চলাইছে বিদ্যালয় কৰ্তৃপক্ষই। একালৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা বিদ্যালয়খনৰ অধ্যক্ষা অঞ্জলি কটকীৰ প্ৰচেষ্টাত বিদ্যালয়ৰ শিক্ষক সকলৰ সহযোগত পুৰণি ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি অতীত স্মৃতি ৰোমন্থনৰ লক্ষ্যৰে "প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন" অচিৰেই আৰম্ভ হ'ব বুলি সংবাদমেলযোগে অধ্যক্ষাগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জাজৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামত এটি ফেচবুক পেইজ মুকলি কৰি যোগাযোগৰ সকলো সুবিধা প্ৰদান কৰা হৈছে বুলি অধ্যক্ষাগৰাকীয়ে সংবাদমেলত সদৰী কৰে।

Also Read: মিজোৰামত ম্যানমাৰৰ ব্যক্তিৰ পৰা জব্দ বুজন পৰিমাণৰ হেৰ'ইন

education