ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত জাপানীজ এনকেফেলাইটিছত এগৰাকী লোক আক্ৰান্ত হৈ মৃত্যু হোৱাৰ ঘটনা পোহৰলৈ আহিছে। মৃত লোকজন কামপুৰৰ আটিকামপুৰৰ স্বৰাজ লস্কৰ বুলি জানিব পৰা গৈছে ৷।
উল্লেখ্য যে, মঙ্গলবাৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ কামপুৰৰ এগৰাকী মহিলাৰ মৃত্যু হৈছিল । ইফালে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পিছত স্বৰাজ লস্কৰ(৭০) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।
কিন্তু শনিবাৰে লোকজনে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় । স্বাস্থ্য বিভাগৰ ফালৰ পৰা অঞ্চলটোত ধোৱা দি ম'হ খেদাৰ চেষ্টা চলাইছে ৷
Also Read: চিলপথাৰত আৰক্ষীৰ অভিযানত উদ্ধাৰ টকাৰ বেগসহ হেৰ'ইন