অসম আন্দোলনৰ কৰ্মী জিতু শৰ্মা আৰু নাই

অসম আন্দোলনৰ কৰ্মী জিতু শৰ্মা আৰু নাই

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ কৰ্মী জিতু শৰ্মা আৰু নাই

ডিজিটেল সংবাদ, উৰিয়াগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁও নিবাসী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া তথা অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী জিতু শৰ্মা আৰু নাই। ৬৪ বছৰ বয়সত সোমবাৰে পুৱা প্ৰায় ৮:৩০ বজাত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই।

জানিব পৰা মতে তেওঁ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। মৃত্যুৰ আগলৈ তেওঁ ভালেকেইটা অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত থকাৰ উপৰি বিভিন্ন সমাজিক কাম-কামত আগভাগ লৈছিল।

বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা, উৰিয়াগাঁৱৰ অগ্ৰণী অনুষ্ঠান সুন্দৰম নাট্য গোষ্ঠীৰ আজীৱন সদস্য তথা প্ৰাক্তন উপ-সভাপতি, নগাঁও প্ৰতিবন্ধী দিৱস উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি, কলংপৰীয়া শাখা সাহিত্য সভাৰ আজীৱন সভ্য, উৰিয়াগাঁও পশুপতি মন্দিৰৰ সম্পাদক, গোমোঠা গাঁও আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন সমিতি, উৰিয়া গাঁও আঞ্চলিক দুৰ্গাপূজা উদযাপন সমিতিৰ উপৰি অঞ্চলটোৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ লগত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল।

তেওঁ একালত কিছুদিনৰ বাবে উদালি হাইস্কুলত শিক্ষকতাও কৰিছিল বুলি জানিব পৰা গৈছে। আজি পুৱা শৰ্মাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে বঢ়মপুৰ প্ৰেছ ক্লাৱ, সুন্দৰম নাট্য গোষ্ঠী, নগাঁও প্ৰতিবন্ধী দিৱস উদযাপন সমিতি,উৰিয়াগাঁও পশুপতি মন্দিৰৰ বিষয়ববীয়াকে ধৰি অনেক অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত শৰ্মাই মাতৃ, পত্নী, এগৰাকী কন্যা সন্তানকে ধৰি অনেক আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায়। শৰ্মাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, প্ৰয়াত জিতু শৰ্মাৰ বাসভৱনতে বঢ়মপুৰ প্ৰেছ ক্লাৱে এটা অস্থায়ী কাৰ্য্যালয় স্থাপন কৰি দীৰ্ঘদিন ধৰি ক্লাৱৰ বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছিল।

Also Read: গিৰীশদাৰ নাম কিন্তু কাটিব নোৱাৰে...

অসম আন্দোলন