ডিজিটেল ডেস্কঃ চামগুৰি বিধানসভা উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সমষ্টিটোত অব্যাহত আছে উত্তেজনা। আজি কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ মনোনয়ন দাখিল কৰি ঘূৰি অহাৰ সময়তে চামগুৰিৰ মূল ঘাইপথ পোৱাৰ পূৰ্বে বিজেপিৰ এক সভাৰ সন্মুখেৰে পাৰ হৈ অহাৰ সময়তে এক উত্তেজনাপূ্ৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়।
বিজেপিৰ একাংশ গুণ্ডা বাহিনীয়ে আৰক্ষীৰ সন্মুখতে সংবাদকৰ্মীক প্ৰহাৰ কৰাৰ দৰে এক ঘটনাও সংঘটিত হয়।জানিব পৰা মতে বিজেপিৰ এই গুণ্ডাবাহিনীয়ে প্ৰথমে কংগ্ৰেছ কৰ্মীসকলক আগুৰি ধৰি বিভিন্ন শ্লোগান দিয়ে।
পাছত দুয়ো পক্ষৰ মাজত তহতাহতি হৈ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। বিজেপিৰ চামগুৰিৰ গুণ্ডাবাহিনীয়ে হাতে হাতে লাঠি আৰু অন্যান্য সামগ্ৰীয়ে এফালৰ পৰা আক্ৰমণ কৰি যায়।
কৰ্তব্যৰত অৱস্থাত থকা একাংশ সংবাদ কৰ্মীও সেই সময়ত উত্তেজনাস্থলীত উপস্থিত থকাত তেওঁলোকে বাতৰি সংগ্ৰহ কৰে। তেনে সময়তে বিজেপিৰ এই গুণ্ডাবাহিনীয়ে তেওঁলোককো আক্ৰমণৰ লক্ষ্য কৰি লয়।
জানিব পৰা মতে এনে আক্ৰমণত প্ৰায় ১৫ গৰাকী সংবাদ কৰ্মী আহত হৈছে। এইসকলৰ মাজত আছে চামগুৰিৰ প্ৰতিদিন টাইমৰ সংবাদ কৰ্মী নয়নমণি শইকীয়াও। তেওঁলোকে নয়নমণিয়ে ভিজুৱেল সংগ্ৰহ কৰিবৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোনো কাঢ়ি ভাঙি পেলাইছে।
বিজেপিৰ এই গুণ্ডাবাহিনীৰ আক্ৰমণত বহু কেইখন বাহনো ক্ষতিগ্ৰস্ত হৈছে। এইসকলো দৃশ্য আৰক্ষীৰ সন্মুখতে সংঘটিত হয় যদিও আৰক্ষীয়ে বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰাও পৰলক্ষিত নহ’ল। পাছত সংবাদকৰ্মীসকলে চামগুৰি আৰক্ষী থানাৰ সন্মুখত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
এই প্ৰতিবাদৰ মাজতে অৱশ্যে মন্ত্ৰী পীযুষ হাজৰীকাই বিষয়টোত হস্তক্ষেপ কৰি আজি নিশাৰ ভিতৰতেই সংবাদ কৰ্মীক প্ৰহাৰ কৰা গুণ্ডা বাহিনীক কৰায়ত্ত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো সিদ্ধান্ত লোৱা হৈছে।
ইফালে চামগুৰিৰ বৰমাতো আন এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। এগৰাকী চৰকাৰী কৰ্মচাৰীক বিজেপিৰ গুণ্ডাবাহিনীয়ে আক্ৰমণ কৰি প্ৰহাৰ কৰে। তেওঁ ব্যৱহাৰ কৰা বাহনখনো ভাঙে এই গুণ্ডা বাহিনীয়ে।
ইয়াকে লৈ সমগ্ৰ চামগুৰি অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। ঘটনা সংক্ৰান্তত ভুক্তভোগী পি ডব্লিউ ডিৰ কৰ্মচাৰী কিশোৰ কুমাৰ নাথে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Also Read: দলৰ ক্ষমতা দখলৰ যুঁজত ভূপেন বৰা উফৰি গৈছে, গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে...