ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী যুক্তিনাথ খাউন্দৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে আজি আমোলাপট্টি নাট্যমন্দিৰ প্ৰাংগণত এখনি স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় ৷
তেওঁৰ পৰিয়ালৰ সহযোগত পোনা খাউন্দ গোস্বামীৰ দ্বাৰা প্ৰকাশিত আৰু “দৈনিক অসম” কাকতৰ বেবেজীয়াৰ সাংবাদিক কল্যাণ কুমাৰ বৰাই সম্পাদনা কৰা স্মৃতিগ্ৰন্থ গ্ৰন্থ "যুক্তিনাথ খাউন্দ: সুবাসিত সোঁৱৰণ" উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই। তেওঁ কয় যে এখন ভাল স্মৃতিগ্ৰন্থ হ’ল এখন সমাজৰ একোটা সময় মূল্যবান দলিল স্বৰূপ৷ যি তদানীন্তন সময়ৰ কথা আৰু সজকাম বোৰ উত্তৰ পুৰুষৰ বাবে ধৰি ৰাখে৷
তেওঁ প্ৰয়াত যুক্তিনাথ খাউন্দক জ্ঞানযোগী আখ্যা দি কয় যে, তেওঁ এগৰাকী মহান শিক্ষকৰ লগতে সমাজৰ গুৰি ধৰোঁঁতা আৰু ছ’চিয়েল কামাণ্ডাৰ আছিল৷ প্ৰকাশিত এই গ্ৰন্থখনে তেওঁক সদায় আমাৰ মাজত প্ৰজ্জ্বোল কৰি ৰাখিব৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত পৌৰোহিত্য কৰি প্ৰবীন শিল্পী কানু বেজবৰুৱাই কয় যে যুক্তিনাথ খাউন্দ এগৰাকী অতি সৎ আৰু সজ্জন ব্যক্তি আছিল যি সুদীৰ্ঘকাল নগাঁও নাট্য সমিতিৰ গুৰি ধৰিছিল।অনাগত সময়ত তেওঁ কৰি থৈ যোৱা কামেৰই সদায় মানুহৰ মাজত প্ৰাসংগিক হৈ থাকিব৷
গ্ৰন্থখনৰ সম্পাদক কল্যাণ কুমাৰ বৰাই গ্ৰন্থখন প্ৰকাশৰ আঁৰৰ কথাখিনি ব্যক্ত কৰাৰ লগতে যুক্তিনাথ খাউন্দৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁক এগৰাকী তাপস ব্যক্তি আৰু প্ৰাঞ্জ শিক্ষক আছিল বুলি উল্লেখ কৰে ৷ বিশিষ্ট সমাজকৰ্মী ৰবীন্দ্ৰনাথ শৰ্মা কয় যে নিজৰ গুণ গৰিমাৰে যুক্তিনাথ শৰ্মাৰ দৰে মানুহবোৰ মৃত্যুৰ পিছতো সমাজত প্ৰাসংগিক হৈ থাকে৷
অনুষ্ঠানটোত উপস্থিত থাকি সন্দীপণি বিদ্যামন্দিৰৰ অধ্যক্ষ লক্ষ্মীনাৰায়ণ ৰিজলে যুক্তিনাথে খাউন্দে নগাঁও আগশাৰীৰ শিক্ষানুষ্ঠান সন্দীপনি বিদ্যামন্দিৰৰ বাবে দুটা দশক ধৰি আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে ৷ বিশিষ্ট সমাজকৰ্মী ভাৰত চন্দ্ৰ গোস্বামী ,ৰঞ্জিত কুমাৰ তামুলী ফুকন,ৰবিন শৰ্মা,নগাঁও নাট্য সমিতিৰ সভাপতি নিৰঞ্জন শৰ্মা, সম্পাদক অলকমনি ভট্টাচাৰ্যকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে আসন শুৱনি কৰা অনুষ্ঠানটোত অনিল কুমাৰ শৰ্মা আৰু দয়ানন্দ গোস্বামীয়ে যুক্তিনাথ খাউন্দৰ সান্নিধ্য আৰু কৰ্মময় জীৱনৰ আলোকপাত কৰে৷
ভাইবোৱাৰী অনুৰূপা খাউন্দে আঁত ধৰা আৰু উদ্দেশ্য বাখ্যা অনুষ্ঠানটোৰ আৰম্ভণিতে যুক্তিনাথ খাউন্দৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী পোনা গোস্বামী খাউন্দে। বৰগীত পৰিবেশন কৰে জনপ্ৰিয় শিল্পী কাকলি শইকীয়াই। পৰিয়ালৰহৈ আদৰণি বক্তব্য আৰু শলাগৰ শৰাই আগবঢ়াই কনিষ্ঠ ভাতৃ প্ৰদীপ খাউন্দে৷
একেটা অনুষ্ঠানতে যুক্তিনাথ খাউন্দৰ পুতবধু ত্ৰিনয়না বেজবৰুৱা খাউন্দে মুন জ্যোতি নাথৰ সম্পাদনাৰে হিমালয় ফ্লিমচ ষ্টুডিঅ’ৰ বেনাৰত প্ৰস্তুত কৰা “শ্ৰদ্ধাঞ্জলি” শীৰ্ষক এখনি তথ্য চিত্ৰ প্ৰদৰ্শন কৰি প্ৰয়াত যুক্তিনাথ খাউন্দ সামাজিক আৰু ব্যক্তিগত জীৱনৰ কিছু চায়া চবি তুলি ধৰা হয়। অনুষ্ঠানটোত বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া, শিল্পী ৰঞ্জন বেজবৰুৱা, কলংপাৰ কাকতৰ উপ সম্পাদক জয়ন্ত বৰা, সমাজকৰ্মী পবিত্ৰ কলিতা, পৰাণ কুমাৰ মহন্তকে ধৰি যুক্তিনাথ খাউন্দৰ ভালে সংখ্যক গুণমুগ্ধ আৰু পৰিয়ালৰ লোকসকল উপস্থিত থাকে।
Also Read: জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ৬ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্য দাহ