ডিজিটেল ডেস্কঃ এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইয়ে লোৱাৰ পিছতেই বৃহস্পতিবাৰে এটি আঠজনীয়া চিবিআইৰ দলে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে । ইফালে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈছেহি চিবিআইৰ আন এটা তদন্তকাৰী দল । ৰে’লযোগে নিশা গুৱাহাটীত উপস্থিত হয়হি দলটো ।
দ্বিতীয়টো ৬ জনীয়া তদন্তকাৰী দলৰ ৪ জন ইতিমধ্যেই ৰাওনা হৈছে নগাঁৱলৈ । সদ্যহতে দলটোৰ আন দুজন বিষয়া খানাপাৰাত আছে । পূৰ্বে বাহৰ পাতি থকা চিবিআইৰ দলটো নগাঁওৰ জোণমনি ৰাভাৰ বাসগৃহলৈ গৈছে ।
Also Read: ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৪ আহত ১জন...