কেৰালা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘জ্যোতি ককাইদেউ’

ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘জ্যোতি ককাইদেউ’
ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘জ্যোতি ককাইদেউ’
Published on
Updated on

ডিজিটেল সংবাদ,বেবেজীয়া : অহা ২৬ জুলাইৰ পৰা ৩১ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া ষষ্ঠদশ কেৰালা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছৱি মহোৎসৱ (IDSFFK)লৈ আমন্ত্ৰিত হৈছে এখন অসমীয়া চুটিছবি। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আধাৰত পাৰ্থজিৎ বৰুৱাই নিৰ্ম্মাণ কৰা তথ্যচিত্ৰ ‘জ্যোতি ককাইদেউ’ নিৰ্বাচিত হৈছে ৷

এই তথ্যচিত্ৰখনেই হৈছে কেৰেলা আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছৱি মহোৎসৱলৈ নিৰ্বাচিত হোৱা একমাত্ৰ অসমীয়া তথ্যচিত্ৰ ৷ তথ্যচিত্ৰখনত অসমৰ চলচ্চিত্ৰৰ পিতৃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু কৃতিত্বৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷

জ্যোতি ককাইদেউ
জ্যোতি ককাইদেউ

আগৰৱালাৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰি অসমীয়া চিনেমাক উত্তৰ -পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ ইতিহাসত মাইলৰ খুটি হিচাপে যিদৰে চিহ্নিত কৰিলে তাৰ ওপৰতো তথ্যচিত্ৰখনে আলোকপাত কৰে ৷ উল্লেখ্য যে তথ্যচিত্ৰখন নিৰ্মাণ কৰাৰ বাবে পৰিচালক পাৰ্থজিৎ বৰুৱাই কলিকতা, এডিনবাৰ্গ, স্কটলেণ্ড, ইউ এফ এ, বাৰ্লিন আদিলৈকো যাবলগীয়া হৈছিল ৷

উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ যিসকলে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ বিষয়ে নাজানে তেওঁলোকক জ্যোতিপ্ৰসাদৰ সৈতে চিনাকী কৰাই দিয়াই হৈছে এই তথ্যচিত্ৰখনৰ মূল উদ্দেশ্য ৷ চানলিট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা তথ্যচিত্ৰখনৰ ৰচনা, পৰিচালনা, প্ৰযোজনা আৰু কেমেৰা পাৰ্থজিৎ বৰুৱাৰ।

সম্পাদনা- হীৰক জ্যোতি পাঠকৰ, চাউণ্ড ডিজাইন- দেৱজিৎ গায়নৰ, সংগীত- অপৰূপ আগৰৱালাৰ। শিৰোনাম কেলিগ্ৰাফী- অনুপ দত্তৰ, ভইচ অভাৰ- আকাংক্ষা ভাগৱতীৰ আৰু চাব টাইটেল প্ৰান্তিক ডেকাৰ ৷

ছবি মহোৎসৱলৈ নিৰ্বাচিত ‘জ্যোতি ককাইদেউ’
বগীবিল ৰাষ্ট্ৰীয় ঘাইপথত ধেমাজি জিলা আছুৰ শ্ৰমদান কাৰ্য্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in