কলিয়াবৰত তীৰ খেলৰ ৰমৰমীয়া বেহাঃ বিপৰ্য্যস্ত নৱপ্ৰজন্মৰ ভৱিষ্যত

সৰ্বস্বান্ত হৈছে বহু দৰিদ্ৰ পৰিয়াল..
কলিয়াবৰত তীৰ খেলৰ ৰমৰমীয়া বেহাঃ বিপৰ্য্যস্ত নৱপ্ৰজন্মৰ ভৱিষ্যত
Published on
Updated on

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত তীৰ খেলৰ অবাধ আৰু ৰমৰমীয়া বেহাই বিপৰ্য্যস্ত কৰি তুলিছে নৱপ্ৰজন্মৰ ভৱিষ্যত ৷ সম্প্ৰতি কলিয়াবৰৰ গাঁৱে-ভূঞে চুকে- কোণে চলি থকা তীৰ খেলে পৰিবেশ বিনষ্ট কৰাৰ লগতে সৰ্বস্বান্ত কৰিছে কেইবাটাও দৰিদ্ৰ পৰিয়ালক।

মূলতঃ বৃহত্তৰ কলিয়াবৰৰ লাইলুৰিৰ হবিবুৰ ৰহমান,আমবাগানৰ ইমৰান হুচেইন,লাওখোৱাৰ গোপাল মণ্ডল,কুঁৱৰীটোলত সুনীল গুপ্তাৰ ছত্ৰছায়াত লাওখোৱা, আমবাগান, চুলুং, উলুৱনি, নলতলি, জখলাবন্ধা, কুঁৱৰীটোল, মিছা,আমনি আদি বিভিন্ন অঞ্চলত চলা তীৰ খেলৰ প্ৰতি নৱ প্ৰজন্ম আকৃষ্ট হোৱাটো দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।

কেৱল যুৱ চামেই নহয়,বৰঞ্চ এই খেলৰ সৈতে একাংশ মহিলা আৰু বয়োজ্যেষ্ঠ নাগৰিকো জড়িত হৈ পৰা পৰিলক্ষিত হৈছে। এই তীৰ খেল কলিয়াবৰত ইমানেই শীপাই গৈছে যে জুৱা খেলিবৰ বাবে টকাৰ অভাৱত একাংশ যুৱক চুৰি কাৰ্যতো লিপ্ত হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৷

হাতীমূৰা মাথাউৰি ভাগি জলমগ্ন হোৱা কলিয়াবৰৰ একাংশ গাঁৱৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আশ্ৰয় লৈ থকাৰ সময়তো একাংশ তীৰ বুকি আহি আশ্ৰয়স্থলীত তীৰৰ নম্বৰ বিক্ৰী আৰু জুৱাৰীয়ে নম্বৰ ক্ৰয় কৰা দৃশ্যও আছিল তেনেই সুলভ। উল্লেখযোগ্য যে উল্লেখিত তীৰ খেলৰ মালিক পক্ষই প্ৰতিখন থানা বুজন পৰিমানৰ ধনৰ বিনিময়ত মেনেজ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া।

শেহতীয়াকে কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তই কঠোৰ স্থিতি গ্ৰহণ কৰি তীৰ মাফিয়া ক্ৰমে লাইলুৰিৰ হবিবুৰ ৰহমান আৰু লাওখোৱাৰ গোপাল মণ্ডলক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে যদিও আইনৰ সুৰুঙাৰ সুযোগ গ্ৰহণ কৰি তীৰ মাফিয়াদ্বয় জামিনত মুকলি হৈ পুনৰ তীৰ খেলত হাতউজান দিয়া বিষয়টোৱে চিন্তিত কৰি তুলিছে সচেতন মহলক ৷

ইমানতে ক্ষান্ত নাথাকি দুই তীৰ মাফিয়াই নিষ্কণ্টক হোৱাৰ লক্ষ্যৰে শেহতীয়াকৈ কলিয়াবৰৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াক মাহেকীয়া বুজন পৰিমানৰ ধনৰ বিনিময়ত মেনেজ কৰিবলৈ কুজকাৱাজ চলাই আছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিছে ৷ আনকি এই তীৰ মাফিয়াৰ দলটোৱে কলিয়াবৰৰ আৰক্ষী প্ৰশাসন ব্যৱস্থাটো তেওঁলোকৰ জেপত লৈ ঘূৰি ফুৰা বুলি প্ৰচাৰ চলাই তীৰ বুকি সকলক অভয় বানী প্ৰদান কৰি নিৰাপদে জুৱা খেল চলাই নিৱলৈ উৎসাহ প্ৰদান কৰি আহিছে ৷

সম্প্ৰতি এই তীৰ খেল চক্ৰটো নিয়ন্ত্ৰনহীন হৈ পৰিছে। ভৱিষ্যত প্ৰজন্মক পংগু কৰাৰ লগতে কেইবাটিও দৰিদ্ৰ পৰিয়ালক সৰ্বস্বান্ত কৰা এই তীৰ খেল অচিৰেই বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন মহলে কলিয়াবৰ মহকুমা প্ৰশাসনক দাবী জনাইছে ৷

কলিয়াবৰত তীৰ খেলৰ ৰমৰমীয়া বেহাঃ বিপৰ্য্যস্ত নৱপ্ৰজন্মৰ ভৱিষ্যত
ঢকুৱাখনাত শংকৰী লোক কৃষ্টি প্ৰশিক্ষণৰ সফল সামৰণি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in