কলিয়াবৰ বিধানসভা পৰ্যায়ৰ 'সাংস্কৃতিক মহাসংগ্ৰাম' প্ৰতিযোগিতা সম্পন্ন

কলিয়াবৰ বিধানসভা পৰ্যায়ৰ 'সাংস্কৃতিক মহাসংগ্ৰাম' প্ৰতিযোগিতা সম্পন্ন
Published on
Updated on

ডিজিটেল সংবাদ,কলিয়াবৰ : অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ লক্ষ্যৰে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হোৱা 'অসম সাংস্কৃতিক মহাসংগ্ৰাম'ৰ প্ৰতিযোগিতাখনি ১৪ ডিচেম্বৰৰ পৰা চলি থকা কলিয়াবৰ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ সামৰণি পৰে। কুঁৱৰীটোল মুক্তিযুঁজাৰু ভৱনত প্ৰতিযোগিতাখনি কলিয়াবৰ বিধানসভা সমষ্টিৰ ১৮ টা গাঁও পঞ্চায়তৰ অন্তৰ্গত জনগোষ্ঠীয় নৃত্য, বিহু, ভূপেন্দ্ৰ সংগীত, বিষ্ণু ৰাভা সংগীত, জ্যোতি সংগীত, ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা সম্পন্ন হয়।

প্ৰতিযোগিতাত মুঠ ৮৬২ গৰাকী প্ৰতিযোগীয়ে ৬টা শাখাত অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ফলাফল অনুসৰি গীতৰ বিভাগত শ্ৰেষ্ঠ পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তে চাৰিটা প্ৰথম স্থান, পাঁচটা দ্বিতীয় স্থান আৰু দুটা তৃতীয় স্থান দখল কৰি কলিয়াবৰ বিধানসভাত শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়।

বিহুনাচ প্ৰতিযোগিতাত তিনিটা প্ৰথম স্থান দখল কৰি বিধানসভাৰ শ্ৰেষ্ঠ স্থান লাভ কৰে জখলাবন্ধা গাঁও পঞ্চায়তে। আনহাতে, জনগোষ্ঠীয় নৃত্যত হাটবৰ গাঁও পঞ্চায়তে এটা প্ৰথম স্থান, এটা দ্বিতীয় স্থান দখল কৰি শ্ৰেষ্ঠ পঞ্চায়তৰ সন্মান লাভ কৰে।

উল্লেখ্য যে, এই প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগীসকলে নগাঁও জিলা পৰ্যায়ৰ 'সাংস্কৃতিক মহাসংগ্ৰাম'ত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। প্ৰতিযোগিতাৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি বিজয়ীসকলক সমাজকৰ্মী মণিমাধৱ মহন্ত, কলিয়াবৰ মহকুমা নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপ, চক্ৰ বিষয়া ৰাজনিচান শৰ্মাসহ পঞ্চায়ত প্ৰতিনিধি তথা অন্যান্য গণ্য-মান্য ব্যক্তি সকলে বঁটা প্ৰদান কৰে।

উল্লেখযোগ্য যে, সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতাখন প্ৰথম দিনা আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কলিয়াবৰ বিধানসভা পৰ্যায়ৰ 'সাংস্কৃতিক মহাসংগ্ৰাম' প্ৰতিযোগিতা সম্পন্ন
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পুঁজিৰ অভাৱ কংগ্ৰেছৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in