কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱস পালন...

মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ
কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিবস পালন...
কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিবস পালন...
Published on
Updated on

ডিজিটেল সংবাদ কলিয়াবৰঃ ঐতিহ্যমণ্ডিত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিৱসটি সোমবাৰে উলহ-মালহৰে উদযাপন কৰা হয়। এই উপলক্ষে পুৱাৰ পতাকা উত্তোলনেৰে দিৱসৰ পাতনি মেলে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পহল থাপাই। বন্তি প্রজ্বলন কৰে অসম চৰকাৰৰ কোবিনেট মন্ত্রী তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক কেশৱ মহন্তই ।

সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পহল থাপাই। ভাষণত তেওঁ মহাবিদ্যালয়খনিৰ ৩২ বছৰীয়া বর্নিল যাত্রাৰ স্মৃতি ৰোমন্থন কৰে আৰু বর্তমানৰ অধ্যক্ষগৰাকীক M.Ed. পাঠ্যক্ৰম সংযোজনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তেওঁ বর্তমান মহাবিদ্যালয়খনত B.Ed. আৰু D. El. Ed. ৰ লগতে কলা শাখাৰ স্নাতক পাঠ্যক্রমো অন্তর্ভুক্ত হোৱাৰ কথা ব্যক্ত কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, প্রাক্তন ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সদস্যবৃন্দ আৰু সমূহ কৰ্মচাৰীৰ উপস্থিতিত আয়োজিত এই সভাত ভাষণ প্ৰসংগত মন্ত্রী কেশৱ মহন্ত‌ই বর্তমান হ'ব লগীয়া 'নাকৰ মূল্যাংকণ প্ৰগ্ৰামৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰিসমূহ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলে দিন-ৰাতি একেকাৰ কৰি আগবঢ়োরা সেৱাৰ ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানটোৰ আঁতধৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক হিমেন ভূঞাই ।

কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ৩৩ সংখ্যক প্রতিষ্ঠা দিবস পালন...
দশম সদৌ অসম মেজৰ ৰেংকিং টেবুল টেনিছত শিৱসাগৰৰ আৰোহণ চেম্পিয়ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in