কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত আবৃত্তি কৰ্মশালাৰ সফল সামৰণি...

কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত আবৃত্তিৰ কৰ্মশালাৰ শুকুৰবাৰে সফল সামৰণি পৰে

author-image
Asomiya Pratidin
New Update
কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত আবৃত্তি কৰ্মশালাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, কলিয়াবৰঃ সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত কলিয়াবৰ শাখা কবি সন্মিলনৰ উদ্যোগত গ্রীষ্ম বন্ধৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ লক্ষ্যৰে যোৱা ৪ জুলাইৰ পৰা চাৰিদিনিয়াকৈ অনুষ্ঠিত কবিতা আবৃত্তিৰ কৰ্মশালাৰ শুকুৰবাৰে বিয়লি সফল সামৰণি পৰে। ষষ্ঠ শ্ৰেণীৰ উৰ্দ্ধৰ সকলোৰে বাবে মুকলি থকা কৰ্মশালাখনত কলিয়াবৰৰ বিভিন্ন স্থানৰ ৪৩ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

কৰ্মশালাখনত অসম আবৃত্তি মঞ্চৰ সভাপতি তথা বিশিষ্ট আবৃত্তিকাৰ অৰুন্ধতী পদ্মপতি আৰু গোলাঘাটৰ কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° গায়ত্ৰী বৰা কাকতিয়ে মুখ্য সমল ব্যক্তি হিচাবে প্ৰশিক্ষণ আগবঢ়ায়। ইয়াৰ উপৰি কবি-আবৃত্তিকাৰ দীপ হেষ্টিংছ্ বৰি, দেৱজ্যোতি শইকীয়া, ভাস্কৰ শইকীয়া, ঋতুস্মিতা শইকীয়া আৰু ৰিদিপ কুমাৰ বৰাই আবৃত্তিৰ ব্যৱহাৰিক দিশ সম্পৰ্কত প্ৰশিক্ষণ আগবঢ়ায়। কৰ্মশালাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলৰ মাজত এখনি কবিতা আবৃত্তিৰ প্রতিযোগিতাও অনুষ্ঠিত হয়।

প্ৰতিযোগিতাৰ বিচাৰক হিচাবে উপস্থিত থাকে নাট্যকাৰ-পৰিচালক ভূপেন্দ্ৰ নাথ হাজৰিকা আৰু বিশিষ্ট আবৃত্তিকাৰ বসন্ত কৌশিক ভাগৱতী। প্ৰতিযোগিতাৰ 'ক' শাখাত ঈক্ষাকু নিবিড় গোস্বামী, অক্ষা টিমচিনা আৰু যুৱৰাজ বৰাই যথাক্ৰমে প্ৰথম তিনিটা স্থান দখল কৰে। আনহাতে 'খ' শাখাত মৃন্ময় বৰা, উপাসনা দেৱী আৰু ঝৰ্ণা ভৰালীয়ে যথাক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে। কৰ্মশালাৰ সামৰণী অনুষ্ঠানত স্থানপ্রাপ্তসকলক পুৰস্কৃত কৰাৰ লগতে সকলো প্ৰশিক্ষাৰ্থীকে অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

এই উপলক্ষে কলিয়াবৰ শাখা কবি সন্মিলনৰ সভাপতি তপন শইকীয়াৰ সভাপতিত্বত শুকুৰবাৰে বিয়লি অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে কলিয়াবৰৰ মহকুমাধিপতি লিজা তালুকদাৰ, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃণাল হাজৰিকাকে ধৰি ভালে সংখ্যক গণ্য-মান্য ব্যক্তি।

কলিয়াবৰ শাখা কবি সন্মিলনৰ সম্পাদক নৱনীতা শইকীয়াই উদ্দেশ্য ব্যাখা কৰা সভাখনত মুনমী ৰাজখোৱা আৰু বিউটি হাজৰিকাই স্বৰচিত কবিতা আবৃত্তি কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা কেইবাগৰাকীয়েও মনৰ ভাৱ ব্যক্ত কৰে।

Also Read: চিৰাঙৰ বাসুগাঁৱত অগ্নিনিৰ্বাপন-আপাতকালীন সেৱা আস্থান উদ্বোধন...

Kaliabar poem