কামপুৰৰ চাংচকীত বানে চিঙি নিলে নৱনিৰ্মিত মথাউৰি...

মথাউৰি নিৰ্মাণত অনিয়মৰ বাবেই এনে হোৱাৰ অভিযোগ
কামপুৰৰ চাংচকীত বানে চিঙি নিলে নৱনিৰ্মিত মথাউৰি...
কামপুৰৰ চাংচকীত বানে চিঙি নিলে নৱনিৰ্মিত মথাউৰি...
Published on
Updated on

ডিজিটেল সাংবদ কামপুৰঃ কামপুৰৰ চাংচকী পঞ্চায়তৰ অন্তৰ্গত এটা কপিলী নদীৰ বানে নৱনিৰ্মিত মথাউৰি চিঙি নিয়াৰ পিছত স্থানীয় ৰাইজে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখ্য যে, চলিত বৰ্ষত হৈ যোৱা বানপানীত নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী উন্নয়ণ খণ্ড চাংচকী গাওঁ পঞ্চায়ত এলেকাধীন গৰুবাট আৰু মিকিৰ গাওঁ ৰাজহ গাঁৱৰ চাংচকী হাইস্কুলৰ পৰা বৰচুঙলৈকে কপিলী নদীৰ দক্ষিণ পাৰৰ মথাউৰিটো চিঙি যোৱাত কামপুৰ ৰাজহ চক্ৰৰ গৰুবাট মৌজা প্লাৱিত হৈ পৰে।

জানিব পৰা মতে চাংচকী পঞ্চায়তৰ লগতে আঞ্চলিক পঞ্চায়তৰ দ্বাৰা এই মথাউৰিটো নিৰ্মাণ কৰা হৈছিল। কিন্ত ৰাইজৰ অভিযোগ মতে মথাউৰিটো নিৰ্মাণৰ সময়ত বহু অনিয়ম হোৱাৰ বাবে মথাউৰিটো এইদৰে ভাঙিল।

মাথাউৰি নিৰ্মাণৰ কামত অনিয়ম হোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে নগাঁও জিলাৰ আয়ুক্ত, কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়াক অভিযোগ দাখিল কৰিছিল যদিও কোনো সুফল নোপোৱাৰ অভিযোগ কৰিছে ৰাইজে। ভগ্ন মথাউৰিৰ মেৰামতিৰ বাবে স্থানীয় ৰাইজে জন প্ৰতিনিধি, পঞ্চায়ত প্ৰতিনিধি, বিভাগীয় বিষয়ববীয়াৰ দৃষ্টিগোচৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সকলোকে অনুৰোধ জনাইছে।

কামপুৰৰ চাংচকীত বানে চিঙি নিলে নৱনিৰ্মিত মথাউৰি...
শিক্ষাবিদ গ্ৰন্থ-প্ৰণেতা ড° ৰঞ্জন ভ‍ঁৰালীৰ স্মৃতিচাৰণ সভা আৰু গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in