ডিজিটেল সংবাদ,কামপুৰঃ শ্ৰীমন্ত শংকৰদেৱ সংঘ কামপুৰ জিলা শাখাৰ উদ্যোগত আৰু দক্ষিণ পূব কঁপিলীপৰীয়া আঞ্চলিক শাখাৰ সহাযোগিতাত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা নামঘৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৬সংখ্যক আর্ৱিভাব মহোৎসৱ ভাগ অনুষ্ঠিত হৈ যায়। হৰিনামৰ ধ্বনিৰে অগণন ভক্তৰ সমাগমেৰে মুখৰিত জিলা নামঘৰত আজি পুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগৰ পাছতে খোল তালৰ ধ্বনিৰ মাজত জিলা নামঘৰৰ নৱ নিৰ্মিত মণিকূট ভাগত গুৰু আসন প্ৰতিষ্ঠা কৰা হয়।
জিলা সভাপতি মুনিন্দ্ৰ নাথ বৰা,উপ সভাপতি তুলসী মোহন বৰা, গজেন লস্কৰ, গোলাপ গোহাঁই,সম্পাদক দিগেন বৰা,মূলৰ সদস্য স্বৰাজ মোহন বৰা ,জয় ৰাজখোৱা ,শৰণাচাৰ্য কমল বৰা সহকাৰী সম্পাদক অমৰজ্যোতি ভূঞা ,দিৱজ্যোতি বৰুৱা ,সাহিত্য সম্পাদক প্ৰদ্যুম্ন বৰাকে ধৰি আঞ্চলিক শাখাৰ বাপ ,আই মাতৃ ,বাপ বান্ধৱ সকলৰ উপস্থিতিত গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰে নামাচাৰ্য নীল কান্ত বৰা বাপে। মহোৎসৱ ভাগৰ ধৰ্ম ধ্বজা উত্তোলন কৰে কামপুৰ জিলা শাখাৰ সভাপতি মুনিন্দ্ৰ নাথ বৰাই।
সভাপতি গৰাকীয়ে মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি যোৱা অমৰ সৃষ্টি ৰাজী এক শৰণ নামধৰ্ম ,নাট, ভাওনা ,সাহিত্য ,সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজক কাম কৰি যাবলৈ আহ্বান জনায়। ভক্তগণৰ হৰিনামৰ ধ্বনি আৰু উৰুলিৰ মাজতে জিলা শাখাক আগুৱাই নিয়াৰ ক্ষেত্ৰত মনে প্ৰাণে সেৱা আগবঢ়াই অহাৰ বাবে জিলা সভাপতি মুনিন্দ্ৰ নাথ বৰা আৰু সম্পাদক দিগেন বৰাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ।
ইয়াৰ পাছতে ভাগৱত পাঠ ,খোল প্ৰসংগ ,নাম প্ৰসংগ আদি অনুষ্ঠান ভাগ অনুষ্ঠিত হয় ।অনুষ্ঠানৰ মাজতে নগাঁৱৰ গেদাবড়িত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় নাট সমাৰোহত "কালীয় দমন" নাটত অসমৰ ভিতৰতে প্ৰথম পুৰস্কাৰ তথা শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা যশোদাৰ চৰিত্ৰত অভিনয় কৰা শ্যামালিমা বৰা আৰু বালক কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা মাধুৰ্য লস্কৰক সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে কালীয় দমন নাটৰ ৰূপসজ্জাত অসমৰ ভিতৰতে কামপুৰ জিলা শাখাই প্ৰথম শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটোৰ মাজতে লোক সেৱক হলধৰ ভূঞা বাপৰ জন্ম জয়ন্তী উপলক্ষে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই জিলা শাখাৰ উপসভাপতি,লেখক তুলসী মোহন বৰাৰ প্ৰবন্ধ সংকলন "ভিন্ন চিন্তা"গ্ৰন্থখনি উন্মোচন কৰা হয়। সন্ধিয়াৰ ভাগত জিলা শাখাৰ শিল্পী দলৰ দ্বাৰা গুৰুজনাৰ সৃষ্ট অংকীয়া নাট "কালীয় দমন " নাট প্ৰদৰ্শন কৰা হয় ।