বটদ্ৰৱা ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগ...

শিক্ষাবিদ, সমাজকৰ্মী
বটদ্ৰৱা ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগ...
বটদ্ৰৱা ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগ...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা নৰোৱা সত্ৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ কৰুণা নন্দ দেৱ গোস্বামীৰ আজি বাৰ্ধক্যজনিত কাৰণত নিজ বাসগৃহত বিয়োগ হয়। বটদ্ৰৱা নৰোৱা সত্ৰৰ বিশিষ্ট সত্ৰীয়া শিল্পী, ডেকা সত্ৰীয়া পুস্প কান্ত দেৱ গোস্বামীৰ মাজু পুত্ৰ কৰুণা নন্দ দেৱ গোস্বামীৰ সৰুৰে পৰা মেধা সম্পন্ন ব্যক্তি আছিল।

সত্তৰ দশকতে তেওঁ উচ্চ শিক্ষাৰে শিক্ষিত হৈ বহু লোভনীয় চৰকাৰী চাকৰি ত্যাগ কৰি নিজৰ গাঁঠিৰ ধন ভাঙি ১৯৭৫ চনত নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ নাৰী শিক্ষাৰ বাটকটীয়া "সতী ৰাধিকা ছোৱালী হাইস্কুল" প্ৰতিষ্ঠা কৰিছিল। তেতিয়াৰ পৰা তেওঁ উক্ত বিদ্যালয়তে প্ৰধান শিক্ষক হিচাপে শিক্ষাদান কৰাৰ লগতে বটদ্ৰৱাৰ বিভিন্ন সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ সেৱা আগবঢ়াইছিল।

৮২ বছৰীয়া সৰল মনৰ, সুশ্ৰী, মৰমীয়াল, শান্ত প্ৰকৃতিৰ কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী, বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী বৃন্দ, বটদ্ৰৱা সাংবাদিক সন্থাৰ সাংবাদিকসকলৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ বিশিষ্ঠ সাংবাদিক নিতুমণি গোস্বামী, তিনি গৰাকী জীয়ৰী, জোঁৱাইসহ বহু আত্মীয় স্বজন, ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কৰুণা নন্দ দেৱ গোস্বামীৰ বিয়োগ...
স্বাধীনতা সংগ্ৰামী জগৰু গোঁড় স্মাৰক ফুটবল প্ৰতিযোগিতা আৰম্ভ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in