ভোকাতুৰ বান্দৰক খাদ্য যোগান কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ...

ভোকাতুৰ বান্দৰক খাদ্য যোগান কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ...
ভোকাতুৰ বান্দৰক খাদ্য যোগান কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ...
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰঃ আজি কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাই এক আদৰণিয় পদক্ষেপ হাতত লয়। কচুৱাৰ মাধৱপাৰাস্থিত শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানৰ বান্দৰক খাদ্য সামগ্ৰী যোগান ধৰে কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাই ।

উল্লেখ্য যে শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানত বছৰ বছৰ ধৰি আশ্ৰয় লৈ থকা কেইবা শতাধিক বান্দৰে খাদ্য সংকটত থাকিব লগীয়া হয়। মাধৱপাৰাস্থিত শ্ৰী শ্ৰী ঐতিহাসিক মাধৱ থানৰ পাহাৰত যথেষ্টসংখ্যক ফল মূলৰ গছ গছনি নথকাত মাধৱ থানত আশ্ৰয় লৈ থকা অজস্ৰ বান্দৰে খাদ্য সংকটত দিন পাৰ কৰিব লগা হৈছে।

যাৰ বাবে অঞ্চলটোৰ বহু হৃদয়াবানলোকে এই বান্দৰবোৰক খাদ্য যোগান ধৰি আহিছে। আজি কচুৱা তিনিআলি পৰিবহন ‌শ্ৰমিক সন্থাই খাদ্য সংকটতত থকা ভোকাতুৰ বান্দৰক কল, আম, মুৰি ইত্যাদি খাদ্য যোগান ধৰি মানৱতা নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

আনহাতে সমাজৰ সচেতন ব্যক্তিৰে খাদ্যৰ অভাৱত থকা বান্দৰক খাদ্য যোগানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে সভাপতি ছইদুৰ ৰহমান। তেওঁক সহযোগ কৰে কচুৱা প্রেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম, সাংবাদিক আনোৱাৰ হুছেইনে।

ভোকাতুৰ বান্দৰক খাদ্য যোগান কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ...
বানত ডুবিল ঘিলামৰা- গোগামুখ ৰাজ্যিক ঘাইপথ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in