নগাঁৱত অন্ধ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ সৈতে এখন্তেক মন্ত্ৰী-সাংসদ-বিধায়কৰ...

নগাঁৱত অন্ধ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ সৈতে এখন্তেক মন্ত্ৰী-সাংসদ-বিধায়কৰ...
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শঙ্কৰ মিছন অন্ধ বিদ্যালয়ত উপস্থিত মন্ত্ৰী-সাংসদৰ লগতে বিধায়ক। বৃহস্পতিবাৰে বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ সৈতে অন্তৰংগ মুহুৰ্ত কটাই মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক জিতু গোস্বামীয়ে। লগতে ছাত্ৰ-ছাত্ৰী তথা শ্ৰীমন্ত শঙ্কৰ মিছন অন্ধ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে মতবিনিময় কৰে কৰে মন্ত্ৰী-সাংসদে।

উক্ত অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত বিৰোধীক উদ্দেশ্যি কেইবাটাও মন্তব্য কৰে নেতৃত্ব সকলে। লুৰিণজ্যোতি গগৈয়ে উপ-নিৰ্বাচন সন্দৰ্ভত শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী কেশৱ মহন্তই কয় যে, লুৰিণজ্যোতি গগৈয়ে জোৰকৈ কথা ক'লে নাখাটে। বিগত লোকসভা নিৰ্বাচনৰ তথ্য আৰু ৰাইজৰ সমৰ্থনে কথা কৈছে। উপ-নিৰ্বাচনত বিজেপি আৰু অগপৰ আসনৰ ভাগ-বতৰা একেই হ'ব। কিন্তু কংগ্ৰেছৰ আসনখনৰ ক্ষেত্ৰত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব মিত্ৰজোটে আলোচনা কৰিব।

লগতে ভূপেন বৰাক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় যে, ভূপেন বৰাই নিৰ্বাচন খেলাৰ পূৰ্বে সেই সমষ্টিত পূৰ্বৰ নিৰ্বাচনত কিমান ব্যৱধান আছিলে এবাৰ চাই লওঁক। চামগুৰিত মণিমাধৱ মহন্তক প্ৰাৰ্থীত্ব প্ৰদানৰ সন্দৰ্ভত চামগুৰি বিধান পৰিষদে প্ৰেৰণ কৰা প্ৰস্তাৱ এতিয়াও অগপৰ মূখ্য কাৰ্যালয় পোৱাগৈ নাই। সময়ত মিত্ৰজোটে আলোচনা কৰি সিদ্ধান্ত ল'ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

আনহাতে নৱ নিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ তাছাই লুৰিণক উদ্দেশ্যি কয় যে, সাংসদ হোৱা নাই, বিধায়ক হোৱা নাই, তৃণমূল পৰ্যায়ত তেওঁলোকৰ সংগঠন নাই। গতিকে লুৰিণজ্যোতি গগৈয়ে ডাঙৰ কথা ক'ব নালাগে। নিৰ্বাচনৰ পূৰ্বে কোৱা কথা আৰু নিৰ্বাচনৰ পাছত কোৱা কথাৰ মিল নাই লুৰিণজ্যোতি গগৈৰ। সেয়া ৰাইজে মন কৰিলে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক ভুলসমূহ দেখা পাব। লগতে তেওঁ কয় যে, মন্ত্ৰীত্বৰ প্ৰতি আগ্ৰহো নাই, বিচাৰিলেও নাপায় আৰু কপালো লাগে।

নগাঁৱত অন্ধ বিদ্যালয়ৰ ছাত্র-ছাত্রীসকলৰ সৈতে এখন্তেক মন্ত্ৰী-সাংসদ-বিধায়কৰ...
সমগ্ৰ বিশ্বতে যোগৰ সমাদৰ বাঢ়িছে,আমি সন্তানকো যোগৰ শিক্ষা দিব লাগে- মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in