কচুৱা গাঁও পঞ্চায়তত 'খেল মহাৰণ' আৰম্ভ

কচুৱা গাঁও পঞ্চায়তত 'খেল মহাৰণ' আৰম্ভ

author-image
Asomiya Pratidin
New Update
কচুৱা গাঁও পঞ্চায়তত 'খেল মহাৰণ' আৰম্ভ

ডিজিটেল সংবাদ, কামপুৰঃ ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ লগতে কঠীয়াতলীৰ উন্নয়ন খণ্ডৰ অন্তুৰ্গত কচুৱা গাওঁ পঞ্চায়তৰ কচুৱা হাইস্কুল খেল পথাৰত দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে খেল মহাৰণ আৰম্ভ হয়। কেইবা খনো স্কুলৰ ছাত্ৰ -ছাত্ৰীয়ে কচুৱা হাইস্কুল খেল পথাৰত বিভিন্ন খেলত অংশ গ্ৰহণ কৰে।

অসম চৰকাৰৰ ক্ৰীড়া প্ৰতিযোগিতাৰখনত আছে ফুটবল, কাবাডী, খো-খো আৰু ভলীবলৰ লগতে বিভিন্ন খেল। উক্ত খেলত বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক, কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া বৰ্গ, কচুৱা গাওঁ পঞ্চায়তৰ মুৰব্বীসকল, আৰু ৱাৰ্ড সদস্যসকলৰ লগতে অঞ্চলৰ বিভিন্ন গণ্য-মান্য ব্যক্তি সকল উপস্থিত থাকি খেলখন পৰিচালনা কৰি আগুৱাই লৈ যায়।

Also Read: চিলাপথাৰত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা বিধায়ক ভূৱন পেগুৰ

khel maharan