নুৰুল আমিন ষ্টেডিয়ামত খেল মহাৰণ

নুৰুল আমিন ষ্টেডিয়ামত খেল মহাৰণ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : অসমৰ ইতিহাসৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা "খেল মহাৰণ-২০২৩"ৰ নগাঁও সদৰ বিধানসভা সমষ্টিৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখন শুকুৰবাৰৰ পৰা নগাঁও ক্ৰীড়া সন্থাৰ নুৰুল আমিন ষ্টেডিয়াম খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। প্ৰতিযোগিতাখনৰ শুভ উদ্ধোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

বিধায়ক শৰ্মাই ভাষণত কয় যে,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একক চিন্তা আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত অসমৰ চুকে-কোণে থকা সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনি এখন বৃহৎ মঞ্চ প্ৰদান কৰাৰ এক অভিনৱ প্রয়াস হৈছে এই খেল মহাৰণ । তেওঁ লগতে নগাঁও জিলাখনৰ ক্ৰীড়াৰ ক্ষেত্ৰখনৰ বিকাশৰ বাবে বৰ্তমানৰ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্প যেনে- নগাঁও ইনড'ৰ ষ্টেডিয়ামৰ নতুন কৰণ, আন্তৰ্জাতিক পৰ্যায়ৰ এটা চুইমিং পুল আৰু এখন অত্যাধুনিক সা-সুবিধা সম্পন্ন খেলপথাৰ নিৰ্মাণৰ কথা উল্লেখ কৰে।

খেল মহাৰণৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে তেওঁৰ ভাষণত আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে,আজিৰ এই নগাঁও সদৰ বিধানসভা সমষ্টিৰ সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাখনত বিধানসভা সমষ্টিটোৰ অন্তৰ্গত ১৪ খন গাঁও পঞ্চায়ত আৰু নগাঁও নগৰীয়া স্থানীয় নিকায়ক সাঙুৰি প্ৰায় ২০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত নগাঁও পৌৰ সভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, পৌৰ সভাৰ উপ পৌৰপতি সীমান্ত বৰা, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পাখিমৰিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, নগাঁও পৌৰ সভাৰ কাৰ্যবাহী বিষয়া, জিলা ক্ৰীড়া বিষয়াকে প্ৰমুখ্য কৰি আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, নগাঁও জিলা প্ৰশাসন আৰু নগাঁও ক্ৰীড়া সন্থাৰ বিষয়া আৰু সদস্যসকল, প্ৰতিযোগীসকল আৰু অভিভাৱকসকল তথা ক্ৰীড়াপ্ৰেমী দৰ্শক উপস্থিত থাকে।

নুৰুল আমিন ষ্টেডিয়ামত খেল মহাৰণ
কলিয়াবৰৰ দেওচুৰৰ ৰাজপথত ভয়াৱহ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in