ডিজিটেল সংবাদ,লামডিংঃ ৰাজ্যত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে লামডিং ৰেলৱে চিকিৎসালয়ে। অভিযোগ অনুসৰি,লামডিং ৰেলৱে চিকিৎসালয়ত অক্সিজেনৰ অভাৱত এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।মৃত বৃদ্ধা গৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, সোমবাৰে পুৱা ৰাজশ্ৰী দে নামৰ বৃদ্ধা গৰাকী শ্বাস-প্ৰশ্বাসত কষ্ট পায়।
চিকিৎসকৰ কৰ্মৰত অৱস্থাতে অক্সিজেন চিলিণ্ডাৰ বিকল হৈ যোৱাত মহিলাগৰাকীয়ে অক্সিজেন নাপায়। ফলত মৃত্যুমুখত পৰে বৃদ্ধাগৰাকী।আনফালে এই ঘটনাত ক্ষোভিত হৈ পৰিয়ালৰ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ আৰ পি এফ আৰু লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ইফালে চিকিৎসক মৈত্ৰৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
Also Read: আজি ২৯জুলাই, আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস...