নগাঁও কলেজ (স্বায়ত্বশাসিত)ত সাংস্কৃতিক বৈচিত্ৰ্যৰ সংৰক্ষণ বিষয়ক বক্তৃতানুষ্ঠান...

নগাঁও কলেজ (স্বায়ত্বশাসিত)ত সাংস্কৃতিক বৈচিত্ৰ্যৰ সংৰক্ষণ বিষয়ক বক্তৃতানুষ্ঠান...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে নগাঁও কলেজ (অট’নমাচ)ৰ বুৰঞ্জী বিভাগত অনুষ্ঠিত হয় এক বক্তৃতানুষ্ঠান। এই অনুষ্ঠানৰ আঁত ধৰে বিভাগৰে মুৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকাই। ‘Conservation, Reservation and Restoration of Cultural Heritage ’ শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় এই বক্তৃতানুষ্ঠানত।

উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সংগ্ৰহালয় প্ৰশিক্ষক বিজয় ভূঞা৷ স্নাতক চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী দৰ্শনা বৰাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে৷ ড॰ মজিন্দাৰে বিষয়টোৰ গুৰুত্বৰ কথা অৱগত কৰি উপস্থিত সকলোকে আদৰণি জনায়৷

সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিজয় ভূঞাই বিষয়টোৰ গুৰুত্ব সম্পৰ্কে সকলোকে অৱগত কৰে৷ ভাষণত তেখেতে সাঁচিপাতৰ পুথি সংৰক্ষণৰ কথা অৱগত কৰি পূৰ্বপুৰুষে এৰি যোৱা সম্পদসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ সকলোকে আহ্বান জনায়৷

এই অনুষ্ঠানতে বুৰঞ্জী বিভাগে প্ৰস্তুত কৰা হাতেলিখা আলোচনী ‘সাঁচিপাত’ উন্মোচন কৰে নগাঁও কলেজৰ প্ৰাক্তন অধ্যক্ষ ড॰ শৰৎ বৰকটকীয়ে৷ বৰকটকীয়ে উন্মোচন কৰি হাতে লিখা আলোচনীখনৰ গুৰুত্বৰ কথা উল্লেখ কৰে৷ ড॰ বৰকটকীয়ে ভাষণত ইংলেণ্ড ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰি নগাঁও কলেজৰ সংগ্ৰহালয়লৈ পাউণ্ড মুদ্ৰা আৰু পাঁচ হাজাৰ টকা মূল্যৰ বিদেশী মুদ্ৰাৰ এখন কাৰ্ড প্ৰদান কৰে৷

নগাঁও কলেজৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সমন্বয়ক ড॰ ভুৱন চন্দ্ৰ চুতীয়াই মহাবিদ্যালয়ৰ সংগ্ৰহালয়ৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ এই অনুষ্ঠানতে বুৰঞ্জী বিভাগৰ বিশেষ পাঠ্যক্ৰমত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷

উক্ত অনুষ্ঠানত কলেজৰ উপাধ্যক্ষ ড॰ পুলিন চন্দ্ৰ বৰা, বুৰঞ্জী বিভাগৰ সমূহ অধ্যাপক-অধ্যাপিকাকে ধৰি কলেজৰ অধ্যাপক-অধ্যাপিকা, এন.এছ.এছৰ সদস্যৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা শিৰোমণি হাজৰিকাৰ শলাগৰ শৰাইৰ দ্বাৰা অনুষ্ঠানৰ অন্ত পৰে৷

নগাঁও কলেজ (স্বায়ত্বশাসিত)ত সাংস্কৃতিক বৈচিত্ৰ্যৰ সংৰক্ষণ বিষয়ক বক্তৃতানুষ্ঠান...
বঢ়মপুৰ ছহিদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 'ছহিদ' পত্ৰিকা উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in