নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'লোক কল্যাণ দিৱস' উদযাপন...

জিলা ভিত্তিক লোক সেৱা বঁটা লাভ কৰা জিলা প্ৰশাসনৰ দুগৰাকী কৰ্মচাৰীক সম্বৰ্ধনা
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'লোক কল্যাণ দিৱস' উদযাপন...
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'লোক কল্যাণ দিৱস' উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও : আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা, বিচক্ষণ ৰাজনীতিক তথা ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৱিত্ৰ পূণ্যতিথি উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা 'লোক কল্যাণ দিৱস'টি ৫ আগষ্টৰ সোমবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগতো উদযাপন কৰা হয়।

এই উপলক্ষে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ভাৰতৰত্নগৰাকীক শ্ৰদ্ধাৰ্ঘ জনোৱাৰ উদ্দেশ্যে তেখেতৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন আৰু মাল্যাপণেৰে শ্ৰদ্ধা নিবেদন কৰা হয়। উক্ত অনুষ্ঠানটিত সভাপতিত্ব কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৷

অনুষ্ঠানটিৰ কাৰ্যসূচী অসম সংগীত পৰিবেশনেৰে শুভাৰম্ভ কৰা হয়। নিজৰ ভাষণত জিলা আয়ুক্তগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ জীৱন, কর্ম আৰু আদর্শক সোঁৱৰণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। তদুপৰি তেখেতে লোককল্যাণৰ উদ্দেশ্যে, ত্যাগৰ মনোভাৱেৰে প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীসকলে নিজ নিজ কৰ্ম কৰি যোৱাৰ সংকল্প দোহৰাৰ লগতে এই ক্ষেত্ৰত জিলাখনৰ বিষয়া-কৰ্মচাৰীসকলক উৎসৰ্গিত মনোভাৱ পোষণ কৰিবলৈ আন্তৰিক আহ্বান জনায়।

অন্যহাতে লোক কল্যাণ দিৱস উপলক্ষে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা "কৰ্মশ্রী বঁটা" আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,তদানীন্তন উপ- পঞ্জীয়ক,সমবায় সমিতিসমূহ,নগাঁও তথা বৰ্তমান গুৱাহাটীৰ মাণ্ডলীক যুটীয়া পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, নগাঁওৰ জিলা আঁচনি প্ৰবন্ধক শংখ প্রৱাল শ্যাণ্ডিল্যই পাৰ্ল ফাৰ্মিং (মুকুতা পাম)ৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এই বঁটাই নগাঁও জিলাবাসী আৰু জিলা প্ৰশাসনক গৌৰৱান্বিত কৰিছে। উক্ত অনুষ্ঠানটিত বঁটাপ্ৰাপ্ৰক তিনিওগৰাকী ব্যক্তিকে জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ লগতে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানে সম্বৰ্ধনা আগবঢ়াই। জিলা আয়ুক্ত ডাঙৰীয়াই সম্বৰ্ধনা আগবঢ়োৱা সকলোলৈকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানতে লোক কল্যাণ দিৱসৰ লগত সংগতি ৰাখি গোপীনাথ বৰদলৈদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত ৰাজ্য চৰকাৰৰ অৰাজপত্রিত কৰ্মচাৰীসকললৈ আগবঢ়োৱা জিলাভিত্তিক লোকসেৱা পুৰস্কাৰটিও আগবঢ়োৱা হয়। এই বছৰ নগাঁও জিলাৰপৰা জিলাভিত্তিক লোকসেৱা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ প্ৰশাসনিক পৰ্যবেক্ষক সহায়ক ভাস্কৰ জ্যোতি বৰা আৰু জ্যেষ্ঠ জিলা প্ৰশাসনিক সহায়ক ৰাজেশ সোমে । দুয়োজনকে ফুলাম গামোচা আৰু এখন মান পত্ৰৰে পুৰস্কৃত কৰা হয়।

কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানটিত অতিৰিক্ত আয়ুক্ত কাকুমণি শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰে। কর্মশ্রী বঁটাপ্ৰাপ্ৰক বিশ্বজিৎ চক্ৰৱৰ্তীয়ে দিয়া ভাষণত মুকুতা খেতিৰ সন্দৰ্ভত বিস্তৃত বিৱৰণ আগবঢ়াই । লগতে তেখেতক সম্বৰ্ধনা জনোৱাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

সমজুৱাৰ বক্তব্যত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য লক্ষী প্ৰসাদ ডেকা, জিলা প্ৰশাসনৰ কৰ্মচাৰীৰ বিষয়ববীয়া ক্ৰমে-পবিত্ৰ লাডুৰ আৰু পুস্পেন্দ্ৰ দাসে লোককল্যাণ দিৱসৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। অনুষ্ঠানটিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, মুকুতা পামৰ বিষয়া ৰুলেন হাজৰিকা, জিলা অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল,জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল,নগাঁও জিলা কৰ্মচাৰী পৰিষদ, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থা, জিলা মুক্তিযুঁজাৰু সন্মিলন লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকে ৷

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত 'লোক কল্যাণ দিৱস' উদযাপন...
বালাজান তিনালীত ১৪ গৰাকী নিৰীহ লোকৰ হত্যাৰ ৮ বছৰ সম্পূৰ্ণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in