লটাৰী খেলত কোটি টকাৰ লুণ্ঠন-প্ৰবঞ্চনা : আয়োজক সমিতিৰ উপদেষ্টা-সম্পাদকক গ্ৰেপ্তাৰ

খেলখনৰ নামত সংগ্ৰহ কৰা ধন আয়োজক সমিতিয়ে আত্মসাৎৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপিত হৈছে
লটাৰী খেলত কোটি টকাৰ লুণ্ঠন-প্ৰবঞ্চনা : 
আয়োজক সমিতিৰ উপদেষ্টা-সম্পাদকক গ্ৰেপ্তাৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : হোজাই জিলাৰ যমুনামুখ থানাৰ অন্তৰ্গত নিখাৰীমুখ খেলপথাৰত স্থানীয় সংগঠন "জঙ্গলব্লক চছিঅ' ইক'নমিকেল ডেভলেপমেন্ট চ'ছাইটি" নামৰ সংস্থা এটাই আয়োজন কৰিছিল প্ৰায় ২ কোটি টকীয়া লটাৰী খেল। এই কোটি টকীয়া লটাৰী খেলকলৈ ব্যাপক লুণ্ঠন, প্ৰবঞ্চনা তথা দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে।

উক্ত অভিযোগত হোজাই জিলা আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত ডবকা আৰু যমুনামুখ আৰক্ষীয়ে মাৰাথন অভিযান চলাই লটাৰী সমিতিৰ উপদেষ্টা,সম্পাদককে ধৰি ৫গৰাকী বিষয়ববীয়াক গ্ৰেপ্তাৰ কৰিছে ৷ এই সন্দৰ্ভত যমুনামুখ থানাত ৫০/২৩ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০, ৪৬৮, ২৯৪ (এ) আৰু ১২০ (বি) ধাৰাত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

তদন্তক্ৰমে খেল আয়োজক সমিতিৰ উপদেষ্টা আব্দুল হান্নান তালুকদাৰ, সম্পাদক কমৰুল খানৰ লগতে ভেদৌআটিৰ কবিৰ আহমেদ লস্কৰ, আব্দুল কুদ্দুছ আৰু দক্ষিণ ভেদৌআটি গাঁৱৰ দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি যমুনামুখ আৰক্ষীয়ে এইসকলক মাৰাথন জেৰাৰ অন্তত হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি আব্দুল হান্নান তালুকদাৰ আৰু কমৰুল খানক ৩ দিনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ লগতে বাকী ৩গৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

জানিব পৰামতে বিতৰ্কিত লটাৰী খেলখন হোজাই জিলা প্ৰশাসনে বন্ধ ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে ৰাইজৰ পৰা সংগ্ৰহ কৰা ধন ওভতাই দিবলৈ আয়োজকক নিৰ্দেশ দিছিল ৷ লটাৰী খেলখন বাতিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়েও নিৰ্দেশ দিছিল। কিন্তু আয়োজকসকলে ন্যায়ালয়ৰ নিষেধাজ্ঞা অমান্য কৰি শনিবাৰে খেলখন অনুষ্ঠিত কৰিছিল।

লটাৰী খেলৰ আয়োজক সমিতিয়ে কৰা এনে মইমতালিক লৈ হোজাই জিলাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ৷ ইয়াকৈ লৈ সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছত আৰক্ষী সৰব হৈ পৰে ৷

লগে লগে আৰক্ষীয়ে ভিন্ন স্থানৰ পৰা আয়োজক সমিতিৰ ৫জন লোকক গ্ৰেপ্তাৰ কৰে।সমান্তৰালকৈ বাকীসকলৰ সন্ধানতো তীব্ৰ অভিযান আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, ডবকাৰ জংগলব্লকৰ সংস্থাটোৱে আয়োজন কৰা প্ৰায় ২ কোটি টকীয়া লটাৰী খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যোৱা ২৮ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱজ্ঞা কৰি শনিবাৰে পুৱা প্ৰায় ৭-০০ বজাত নিখাৰীমুখ খেলপথাৰত বহু বিতৰ্কিত লটাৰী খেলখন আয়োজকে অনুষ্ঠিত কৰিছিল ৷ তাৰ পাছতেই তৎপৰ হৈ পৰে হোজাই জিলা আৰক্ষী প্ৰশাসন ৷

হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ নিৰ্দেশত যমুনামুখ আৰক্ষীয়ে আয়োজক সমিতিৰ সম্পাদক কমৰুল খানক ৰহাৰ পৰা আটক কৰে যদিও আৰক্ষীৰ চকুত ধূলি দি সভাপতি চইফ উদ্দিন লস্কৰে পলায়ন কৰিবলৈ সক্ষম হয় ৷ খেলখনৰ নামত সংগ্ৰহ কৰা ধন আয়োজক সমিতিয়ে আত্মসাৎৰ চেষ্টা চলায় বুলি অভিযোগ উত্থাপিত হৈছে ৷

অভিযোগ অনুসৰি প্ৰশাসনক 'মেনেজ' কৰিবলৈ এজন ব্যক্তিয়ে আয়োজক সমিতিৰ সভাপতি আৰু তেওঁৰ পত্নীৰ বেংক একাউন্টৰ জৰিয়তে ১৩ লাখ টকা লোৱা বুলিও অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত লেনদেন হোৱা বেংক একাউন্টবোৰ জব্দ কৰি আৰক্ষীক তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে ৷

লটাৰী খেলত কোটি টকাৰ লুণ্ঠন-প্ৰবঞ্চনা : 
আয়োজক সমিতিৰ উপদেষ্টা-সম্পাদকক গ্ৰেপ্তাৰ
তিতাবৰৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(ডায়েট)ৰ শ্ৰমদান কাৰ্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in