নিচাযুক্ত দ্ৰব্য সৰবৰাহত জড়িত মাদ্ৰাছাৰ শিক্ষক

নিচাযুক্ত দ্ৰব্য সৰবৰাহত জড়িত মাদ্ৰাছাৰ শিক্ষক
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ : সমগ্ৰ অসমৰ লগতে নগাঁও জিলাতো অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। বুধবাৰে নিশা কচুৱা আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে এজন সৰবৰাহকাৰীক।

উল্লেখ্য যে নিশা জুৰিপাৰত কচুৱা আৰক্ষীয়ে চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। উক্ত অভিযানত আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীজনৰ নাম হৈছে-নুৰ মহম্মদ।

ধৃত নুৰ মহম্মদৰ পৰা দুটা ড্ৰাগছ ভৰ্ত্তি চাবোনৰ বাকচত ২২.৭৩ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহৰ অভিযোগৰে অভিযুক্ত ধৃত নুৰ মহম্মদ জুৰিপাৰ হাফিজীয়া মাদ্ৰাছাৰ প্রধান শিক্ষক।

বৰ্তমান ধৃত নুৰ মহম্মদৰ বিৰুদ্ধে কচুৱা আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নিচাযুক্ত দ্ৰব্য সৰবৰাহত জড়িত মাদ্ৰাছাৰ শিক্ষক
তেজপুৰ চহৰৰ বহু ইতিহাসৰ সাক্ষী সেই আহঁত গছজোপা আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in