'সাহিত্য সভা'ৰ উদ্যোগত সাহিত্যচাৰ্য মহিম বৰাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন...

'সাহিত্য সভা'ৰ উদ্যোগত সাহিত্যচাৰ্য মহিম বৰাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয় আৰু নগাঁও জিলা সাহিত্য সভাৰ যুটীয়া উদ্যোগত নগাঁও জিলা সাহিত্য সভাৰ কমলা দেৱী টোদী ভৱনত সাহিত্যাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰাৰ ৯৯ সংখ্যক ওপজা দিন বৃহস্পতিবাৰে উদযাপন কৰা হয়। সাহিত্যচাৰ্য মহিম বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচী ।

আজি সাহিত্যচাৰ্যগৰাকীক সোঁৱৰি ওপজা দিনৰ অনুষ্ঠানৰ শুভাৰম্ভ হয় কৰে নগাঁও আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতিদ্বয় থগিত মহন্ত আৰু মহেন্দ্ৰ শইকীয়াই। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক হৰেণ বৰাৰ সঞ্চালনাত মহিম বৰাৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা "মহিম বৰাৰ "জীৱন আৰু কৃতি" শীৰ্ষক আলোচনা চক্ৰ উদ্ধোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা অৱসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই।

নিজৰ ভাষণত বৰুৱাই মহিম বৰাৰ জীৱন দৰ্শকৰ বিষয়ে উল্লেখ কৰি কয় যে, "মহিম বৰাই সাধাৰণ মানুহৰ দুখ-দুৰ্দশা, জীৱন পৰিক্ৰমা আদিৰ বিষয়ত গল্প ৰচনা কৰি অসমীয়া সাহিত্যত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। সকলো বিষয় তেওঁ সূক্ষ্ম দৃষ্টিকোণৰে চাইছিল। অতি সহজ সৰল জীৱন যাপন কৰা মহিম বৰাই সকলোকে আদৰি লৈছিল।। অসমৰ জাতি জনগোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তোলাৰ ওপৰত মহিম বৰাই গুৰুত্ব আৰোপ কৰিছিল। অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত মহিম বৰাই সাহিত্য ক্ষেত্ৰখনৰ বিকাশৰ কথা উল্লেখ কৰাৰ লগতে অসমৰ জাতীয় সমস্যা, সাধাৰণ মানুহৰ জীৱন সংগ্ৰামৰ কথা সুন্দৰকৈ উপস্থাপন কৰিছে ।"

লগতে বৰুৱাই প্ৰসংগ ক্ৰমে কয় যে, "অবিভক্ত নগাঁৱৰ পৰা সাত জনকৈ বৰেণ্য সাহিত্যিক অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছে । সেইসকল হ'ল সূৰ্য্য কুমাৰ ভূঞা, অতুল চন্দ্ৰ হাজৰিকা, ৰত্নকান্ত বৰকাকতী, যজ্ঞেশ্বৰ শৰ্মা, নৱকান্ত বৰুৱা, মহিম বৰা আৰু লক্ষ্মীনন্দন বৰা। আলোচনাৰ মূল বক্তৃতা প্ৰদান কৰি অসম সাহিত্য সভাৰ জাতীয় ন্যাস পুঁজিৰ প্ৰাক্তন আহ্বায়ক, সুবক্তা সুধাময় দাসে মহিম বৰাৰ জীৱন আৰু কৃতি সন্দৰ্ভত এক মননশীল ভাষণ প্ৰদান কৰে।

নিজৰ ভাষণত সুধাময় দাসে কয় যে, "চতুৰ্থ শ্ৰেণীত পঢ়ি থকা অৱস্থাতে কবিতা লিখি সাহিত্য চৰ্চাৰ পাতনি মেলিছিল মহিম বৰাই। তেওঁ সচা অৰ্থত সাহিত্যিক আছিল। সাহিত্যিক হ'বলৈ মানবীয় গুণৰ প্ৰয়োজন। মহিম বৰাৰ সাহিত্য সৃষ্টিৰ আঁৰত মানবীয় গুণে প্ৰাধান্য লাভ কৰিছিল। তাৰ বাবে তেওঁৰ গ্ৰন্থই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। সৰু অৱস্থাৰ পৰাই গ্ৰন্থৰ প্ৰতি অনুৰাগী আছিল মহিম বৰা।" কিতাপত কৈ ভাল সংগীত একো হ'ব নোৱাৰে বুলি মন্তব্য কৰি দাসে কয় যে, "গ্ৰন্থই মানুহক অনাবিল আনন্দ দিব পাৰে। মহিম বৰাই সমাজৰ সমস্যাক কেতিয়াও আওকাণ কৰা নাছিল।"

আন এজন আলোচক বটদ্ৰবা শ্ৰীশ্ৰীশংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক ড: ত্ৰিদিৱ গোস্বামীয়ে মহিম বৰাৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি সাহিত্যাচাৰ্য গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। মহিম বৰাৰ সৃষ্টিৰ পৰা ইতিবাচক বাৰ্তা পাব পাৰি। অতি সহজ সৰল জীৱন যাপন কৰা মহিম বৰাৰ ভাগৱৎ প্ৰীতি, জাতি প্ৰেম মন কৰিবলগীয়া। সকলো বিষয় তেওঁ অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰি সমাজৰ কল্যাণৰ বাবে সাহিত্য সৃষ্টিত মনোনিবেশ কৰিছিল। নৱপ্ৰজন্মক উৎসাহিত কৰাটো মহিম বৰাৰ অন্যতম মহৎ গুণ বুলি গোস্বামীয়ে মত পোষণ কৰে।

তেওঁ মহিম বৰাৰ নামত এটা ন্যাস খোলা, মহিম বৰাৰ সৃষ্টিৰাজি সংৰক্ষণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। সভাৰ নগাঁও আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, ৰতিমোহন নাথ নগাঁও আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক দ্বয় ৰেৱত হাজৰিকা, ড: অচ্যুত কুমাৰ দাসৰ লগতে নগাঁও, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ কৰ্ম-কৰ্তা সকলে অংশগ্ৰহণ কৰে।

'সাহিত্য সভা'ৰ উদ্যোগত সাহিত্যচাৰ্য মহিম বৰাৰ ৯৯ সংখ্যক ওপজা দিন উদযাপন...
চিকিৎ‍সক সংগীতা দত্তৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in