নগাঁৱত প্ৰচণ্ড গৰমত কৰুণ মৃত্যুক সাৱতিলে এজনে

নগাঁৱত প্ৰচণ্ড গৰমত কৰুণ মৃত্যুক সাৱতিলে এজনে
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ উৰিয়াগাঁৱত অঘটন ৷ কৰুণ মৃত্যুক সাৱতি ল’লে এজন লোকে ৷ প্ৰচণ্ড গৰমৰ বাবে মৃত্যুক সাৱতি ল’লে চিৰাজুল হক নামৰ লোকজনে ৷

জানিব পৰা মতে চিৰাজুল হক পেচাত এজন ব্যৱসায়ী ৷ চাহপাত বিক্ৰীৰে জড়িত চিৰাজুল হক আন দিনাৰ দৰে উৰিয়াগাঁৱৰ বাইপাচৰ এখন চাহ দোকানত চাহপাত বিক্ৰী কৰিবলৈ সোমাইছিল ৷

বেগৰ পৰা চাহপাতৰ টোপোলা দিবলৈ লওঁতে অসুস্থ হৈ পৰা চিৰাজুল হকক দুজনে ধৰিবলৈ চেষ্টা কৰিছিল যদিও ব্যৱসায়ীজন মাটিত বাগৰি পৰে ৷ পিছত মৃত্যু হয় ৷

স্থানীয় লোকৰ মতে চিৰাজুল হক প্ৰচণ্ড গৰমৰ বাবে অসুস্হ হৈ পৰি এনে দৰে কৰুণ মৃত্যুক সাৱতি ল'ব লগা হয় ৷ নিহত ৬৫ বছৰীয়া হকৰ ঘৰ নগাঁও জিলাৰ চলচলিত ৷

নগাঁৱত প্ৰচণ্ড গৰমত কৰুণ মৃত্যুক সাৱতিলে এজনে
হাফলঙত জিলাভিত্তিত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in