চামগুৰিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পর্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰে সংবাদ কৰ্মী আৰু ৰাজনৈতিক দলৰ সভা

চামগুৰিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পর্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰে সংবাদ কৰ্মী আৰু ৰাজনৈতিক দলৰ সভা

author-image
Asomiya Pratidin
New Update
চামগুৰিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পর্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰে সংবাদ কৰ্মী আৰু ৰাজনৈতিক দলৰ সভা

ডিজিটেল সংবাদ, নগাঁও : শনিবাৰে নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আগন্তুক ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত সাধাৰণ পৰ্যবেক্ষক, ব্যয় পৰ্যবেক্ষক আৰু আৰক্ষী পৰ্যবেক্ষকৰ সৈতে জিলাখনৰ সংবাদকৰ্মী আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বিশেষ সভা অনুষ্ঠিত হয় । সাধাৰণ পৰ্যবেক্ষক ৰাজকমল যাদৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত আদৰণী ভাষণ আগবঢ়াই জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

সভাত সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে সকলোকে আদৰ্শ নিৰ্বাচনী বিধি মানি চলিবলৈ আহ্বান জনায়। লগতে যিকোনো অভিযোগ থাকিলে cVIGIL এপৰ জৰিয়তে তাৎক্ষণিকভাৱে জনাবলৈ আহ্বান জনায়।

ইয়াৰ উপৰিও তেঁও কয় যে, ৰাজনৈতিক দলসমূহে সভা, ৰেলী, সমদল আদিৰ অনুমতি পোনপটীয়াকৈ জিলাৰ নিৰ্বাচনৰ বাবে গঠন কৰা MCC কোষৰ পৰা ল’ব পৰাৰ উপৰিও Suvidha পৰ্টেলৰ জৰিয়তেও ল’ব পাৰিব । চামগুৰি সমষ্টিত এইবাৰৰ উপ নিৰ্বাচনত মুঠ ১,৮০,৫০১  গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । 

চামগুৰি বিধানসভা সমষ্টিত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব । অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল  ২৫ অক্টোবৰত সমাপ্ত হৈছে ।

এইবাৰৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত মুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ২৮ অক্টোবৰত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ অক্টোবৰ ।

সভাত আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱা বিষয়া, ৰাজেশ কুমাৰ কানুৱাটে আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত কয় যে, নিৰ্বাচন সংক্ৰান্তীয় যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসন প্ৰস্তুত হৈ আছে । প্ৰয়োজন সাপেক্ষে স্পৰ্শকাতৰ এলেকাসমূহত অধিক আৰক্ষী আৰু অৰ্ধঅসামৰিক বাহিনী মোতায়ন কৰা হ’ব ।

আজিৰ এই সভাত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱা বিষয়া, অশ্বিন জন জৰ্জে নিৰ্বাচনী ব্যয়ৰ সন্দৰ্ভত ৰাজনৈতিক দলসমূহে মানিবলগীয়া নীতি নিয়মসমূহৰ ওপৰত বক্তব্য আগবঢ়ায় । নিৰ্বাচন সংক্ৰান্তীয় যিকোনো বিষয় বা অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকগৰাকীক ৭০৯৯৭১০২২৯ নম্বৰত, আৰক্ষী পৰ্যবেক্ষকগৰাকীক ৭০৯৯৭১০১০৩ নম্বৰত আৰু ব্যয় পৰ্যবেক্ষক গৰাকীক ৭০৯৯৭০৯৯৭৫ নম্বৰত সকলো সময়তে যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। তাৰোপৰি নগাঁৱৰ পৰ্যটন বিভাগৰ প্ৰশান্তি ল'জত পৰ্যবেক্ষকৰ কোষ স্থাপন কৰা হৈছে ।

নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ দিনৰে পৰায়ে জিলাৰ SST আৰু FST দলে ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত তেওঁলোকৰ তালাচী অভিযান অব্যাহত ৰাখিছে । ইয়াৰ উপৰিও VST দলেও সভা সমিতি, ৰেলী, সমদল আদি নিৰীক্ষণ সুচাৰুৰূপে কৰি আছে ।

পৰ্যবেক্ষক কেইগৰাকীৰ লগতে জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াই আগন্তুক ৮৮ নং চামগুৰি বিধানসভাৰ উপ নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাত সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে । আজিৰ  সভাত জিলা উন্নয়ন আয়ুক্ত আৰু ৰিটাৰ্ণিং বিষয়া গুনজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ,  জিলা আৰক্ষী অধীক্ষক টস্বপ্ননীল ডেকা, ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত আয়ুক্ত সকল, অতিৰিক্ত আৰক্ষী অধীক্ষক দ্বয়, নিৰ্বাচনী বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়াকে প্ৰমুখ্য কৰি প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

Also Read: ইউ এছ টি এমৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য অনুষ্ঠান : পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয়লৈ এন এম চিৰ স্বীকৃতি

চামগুৰি ৰাজনৈতিক দল