হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত কামপুৰ কেন্দ্ৰৰ পৰিচলনা সমিতিৰ সভা...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত কামপুৰ কেন্দ্ৰৰ পৰিচলনা সমিতিৰ সভা...

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত কামপুৰ কেন্দ্ৰৰ পৰিচলনা সমিতিৰ সভা...

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সন্দৰ্ভত কামপুৰ কেন্দ্ৰৰ পৰিচলনা সমিতিৰ সভা...

ডিজাটেল সংবাদ, কামপুৰ: আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত আজি এখন সভা অনুষ্ঠিত হৈ যায় । কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰিচালনা সমিতি কাৰ্যকৰী সভাপতি আৰু পৰীক্ষা কেন্দ্রটোৰ সভাপতি যতীন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে।

কামপুৰ কেন্দ্রটোৰ বিদ্যালয়সমূহৰ শিক্ষক আৰু শিক্ষাপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীয়ে আগন্তুক ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাৰ বাবে নতুন সমিতি গঠন কৰাৰ লগতে পূৰ্বৰ সমিতিৰ আয়-ব্যয়ৰ হিচাপৰ খতিয়ান দাঙি ধৰে।

সভাত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে আগন্তুক পৰীক্ষা কেন্দ্ৰটোৰ পৰীক্ষা পৰিচালনাৰ বাবে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীক সভাপতি আৰু বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত কুমাৰ গোস্বামীক সম্পাদক হিচাপে লৈ সমিতিখন গঠন কৰা হয়।সভাত প্ৰধান শিক্ষক নৱ কুমাৰ দাস, মৃদুল লস্কৰ, অধ্যক্ষ ৰঞ্জন শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষী কান্ত নাথ, হিৰণ্য কুমাৰ বৰা, মহেশ চন্দ্ৰ নাথ, পূৰ্ণিমা দেৱী, টংকী দেৱী, নিৰুপমা মেধি, শিক্ষক নিৰজ শইকীয়া, প্ৰদ্যুম্ন বৰা, ধন্তিমণি ভূঞাকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

Also Read: টেঙাখাতত অসমীয়া ভাষা প্ৰচলনৰ জৰুৰী অভিযানৰ সিদ্ধান্ত বীৰ লাচিত সেনাৰ...

কামপুৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা