কামপুৰৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দল-সংগঠনৰ স্মাৰক পত্ৰ

কামপুৰৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দল-সংগঠনৰ স্মাৰক পত্ৰ
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ : মুখ্যমন্ত্ৰীয়ে কামপুৰৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিক আদৰণি জনাইছে অঞ্চলটোৰ বিভিন্ন দল-সংগঠনে। ইয়াৰ মাজতে উক্ত আঁচনিসমূহ নিৰ্দ্ধাৰিত সময়ত সমাপ্ত নকৰা বাবে দায়িত্বপ্ৰাপ্ত বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ কাম-কাজক হস্তক্ষেপ কৰি কামপুৰৰ উন্নয়ন দ্ৰুততৰ কৰিবলৈ আহ্বান জনাইছে দল সংগঠনসমূহে ৷

বৃহস্পতিবাৰে ভালেকেইটা দল-সংগঠনে মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা লৈ কামপুৰ চক্ৰ বিষয়াৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দল কেইটা হৈছে ৰাইজৰ দল, বীৰ লাচিত সেনা, কামপুৰ আঞ্চলিক যুৱ সমাজ, বঢ়মপুৰ উন্নয়ন মঞ্চ আৰু ডিমাছা পিপুলছ কাউন্সিলৰ নেতৃত্ব।

কামপুৰৰ উন্নয়নত ব্যক্তিগত স্বাৰ্থৰ বাবে বিধি পঠালি দিয়া ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ হাতত লবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰীক ঐক্যবদ্ধভাৱে অনুৰোধ জনায় ৷ উল্লেখযোগ্য যে কামপুৰ সমবায়ৰ পৰা নগাঁও ষ্টেণ্ডলৈ ৪০০মিটাৰ পথৰ সম্প্ৰসাৰণৰ বাবে আঁচনি হাতত লোৱা হৈছিল।

কিন্তু চৰকাৰী মাটি বেদখল কৰি থকা একাংশ দুষ্ট আৰু অসাধুলোকে ব্যক্তিগত স্বাৰ্থত কামপুৰৰ উন্নয়নৰ বাটত হেঙাৰ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰী মাটি দখল কৰি পথ সম্প্ৰসাৰণত বাধা দিয়া লোক সকলৰ বিৰুদ্ধে ৩০ দিনৰ ভিতৰত উচ্ছেদ অভিযান চলাবলৈ অনুৰোধ জনায়।

তাৰোপৰি উচ্ছেদ অভিযান চলাই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামী, বীৰ লাচিত সেনা অসমৰ মুখপত্ৰ প্ৰকাশ বৰুৱা, কামপুৰ আঞ্চলিক যুৱ সমাজৰ সভাপতি বিশ্ব দাস, সাধাৰণ সম্পাদক পৰাগ লস্কৰ, অসম জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় উপসভাপতি ভাস্কৰ বৰা, বঢ়মপুৰ উন্নয়ন মঞ্চৰ সাধাৰণ সম্পাদক পল্লৱ কুমাৰ শইকীয়া আৰু যুটীয়া সম্পাদক অভিজিৎ লস্কৰে। লগতে ডিমাছা পিপুলছ কাউন্সিলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নয়নজ্যোতি লস্কৰ(হাষ্ণু)ও আহ্বান জনায় ৷

মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা চাৰিদফীয়া স্মাৰকপত্ৰৰ আন আন দাবী বোৰ হ'ল-

কপিলী নৈৰ ওপৰত নিৰ্মাণ হোৱা দ্বিতীয়খন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে কিন্তু এতিয়াও দলঙখন জনসাধাৰণৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হোৱা নাই। যাৰ বাবে উক্ত অঞ্চলত প্ৰতদিনাই ব্যাপক যান-জঁটৰ সন্মুখীন হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে নানা অসুবিধাৰ সন্মুখীন হৈছে।

লগতে প্ৰায় প্ৰতিদিনে দুৰ্ঘটনা আদি সংঘটিত হোৱা বাবে দলঙখনৰ বাকী থকা কাম সম্পূৰ্ণ কৰি দলঙখন অহা ৩০ দিনৰ ভিতৰত কামপুৰবাসীৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিবলৈ স্মাৰকপত্ৰত দাবী কৰা হৈছে ৷

কামপুৰ বাছ ষ্টেণ্ডৰ পৰা দুয়োখন দলঙলৈ দুয়োকাষে উপপথ আৰু দলঙৰ পৰা ১০০-১৫০ মিটাৰ এলেকাত এটি ঘুৰণীয়া বৃত্ত নিমাৰ্ণ কৰা। যাৰ দ্বাৰা পথ বিভাজন কৰি বুঢ়াপতিয়া গাঁও, ডেকাপটীয়া গাঁও আৰু বৈঠালাংছুলৈ যোৱা কপিলী দলঙৰ সন্মুখত সৌন্দৰ্যবৰ্দ্ধনৰ ব্যৱস্থা কৰা।

লগতে তাত এটা ক্লক টাৱাৰ আৰু লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তি স্থাপনৰ বাবে স্মাৰক পত্ৰখনত দাবী উত্থাপন কৰা হৈছে ৷ স্মাৰকপত্ৰৰ জৰিয়তে মুখ্যমন্ত্ৰীক দাবী কৰা হৈছে যে কামপুৰ কপিলী দলঙৰ পৰা বাছ চিণ্ডিকেটলৈ স্থলপথৰ দুয়োকাষে যথেষ্ট চৰকাৰী মাটি আছে।

যি মাটি সন্দেহযুক্ত লোকে বেদখল কৰি আছে। গতিকে উক্ত মাটি বেদখল মুক্ত কৰি পথৰ দুয়োকাষে উন্নত প্ৰযুক্তিৰ নলা নিৰ্মাণ কৰিলে কামপুৰৰ কৃত্ৰিম বানপানীৰ সমস্যা যথেষ্ট পৰিমাণে হ্ৰাস পাব। এই সন্দৰ্ভত আঁচনি প্ৰস্তুত কৰিবৰ বাবে গড়কাপ্তানি বিভাগ আৰু চৰকাৰী মাটিৰ সবিশেষ হিচাপ ল'বৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ক নিৰ্দেশ দিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক অনুৰোধ জনোৱা হৈছে ৷

​কামপুৰৰ নতুন প্ৰজন্মৰ বাবে অভিশাপৰূপে পৰিণত হোৱা ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰত আহ্বান জনোৱা হৈছে ৷ একাংশ অসাধু আৰু দুষ্টলোকে কামপুৰ অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতী সকলৰ জীৱন ধ্বংস কৰাৰ লগতে সামজিক পৰিৱেশ কলুষিত কৰি তুলিছে।

এই বিষয়ে কামপুৰ আৰক্ষী প্ৰশাসন আৰু নগাঁও জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। মুখ্যমন্ত্ৰীক কামপুৰৰ ড্ৰাগছ ব্যৱসায়ী চক্ৰটোক সম্পূৰ্ণৰূপে উৎখাত কৰিবৰ বাবে নগাঁও জিলা প্ৰসাশনক নিৰ্দেশ দিবৰ বাবে স্মাৰক পত্ৰত অনুৰোধ জনায়।

লগতে তেওঁলোকে মুখ্যমন্ত্ৰীক সকীয়াই দিয়ে যে যদি স্মাৰক পত্ৰৰ দাবীসমূহ দায়ৱদ্ধতাৰে বিবেচনা কৰি কামপুৰৰ উন্নয়নৰ বাবে পদক্ষেপ হাতত নলয়, তেন্তে কামপুৰৰ জনসাধাৰণক লগত লৈ কামপুৰৰ সকলো দল সংগঠনে ঐক্যবদ্ধভাৱে নিজে বেদখলমুক্ত কৰাৰ লগতে ৰাইজৰ সুবিধাৰ্থে দলঙ মুকলি কৰি দিবলৈ বাধ্য হ’ব ৷ এতিয়া মুখ্যমন্ত্ৰীড° হিমন্তবিশ্ব শৰ্মাই এই স্মাৰক পত্ৰ সন্দৰ্ভত কি পদক্ষেপ হাতত লয় আৰু নগাঁও জিলাৰ উপায়ুক্তই মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰে নে নাই সেইকথা লক্ষণীয় হ'ব ৷

কামপুৰৰ উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দল-সংগঠনৰ স্মাৰক পত্ৰ
বটদ্ৰৱা চিত্ৰকলা বিদ্যালয়ৰ ষষ্ঠ বাৰ্ষিক সমাৰোহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in