নগাঁৱত চৰকাৰী শিক্ষানুষ্ঠানে কঢ়িয়াই আনিছে আশাৰ বতৰা।
বিজ্ঞান শাখাত উজলিল ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়।
বিদ্যালয়খনৰ ছাত্ৰী ৰাজনন্দিনী বৈদ্যৰ সন্তোষজনক ফলাফল।
বিজ্ঞান শাখাত নগাঁও জিলাৰ ভিতৰতে শ্ৰেষ্ঠ ছাত্ৰীগৰাকী।
৯৬.২ শতাংশ নম্বৰৰ লাভ মেধাৱী ছাত্ৰী ৰাজনন্দিনীৰ।
উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অষ্টম স্থান লাভ কৰিছিল ছাত্ৰীগৰাকীয়ে।
ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ তপন কুমাৰ বৈদ্যৰ কন্যা ৰাজনন্দিনী।
বিজ্ঞান শাখাৰ আটাইয়ে প্ৰথম বিভাগত উত্তীৰ্ণ।