নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ...

নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ...
নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: নৱম শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চাইকেল বিতৰন অৰ্থে শুকুৰবাৰৰ কাৰ্যসূচীত নগাঁৱৰ নেহৰুৱালিৰ সুবৃহৎ সভামণ্ডপত ভাগ লয় অসম চৰকাৰৰ বিত্ত তথা শিশু আৰু মহিলা কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে। উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যখনৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশৰ সুবিধা প্ৰদানৰ বাবে প্ৰায় ১৬০ কোটি ৯৩ লাখ ৮১ হাজাৰ ৬২৪ টকা ব্যয় সাপেক্ষে ৩ লাখ ৬৯ হাজাৰ ৪৫৪ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণৰ ব্যৱস্থা কৰিছে।

ইয়াৰ ভিতৰত নগাঁও জিলাৰ সৰ্বমুঠ ২০ হাজাৰ ১৭৪ গৰাকী শিক্ষাৰ্থীৰ নাম অন্তৰ্ভুক্ত হৈছে। আজি মন্ত্ৰী অজন্তা নেওগে নগাঁও জিলাৰ ২০ গৰাকী শিক্ষাৰ্থীক প্ৰতিকীভাৱে বিনামূলীয়া চাইকেল বিতৰণ কৰে। অসম চৰকাৰৰ এই আচঁনিৰ জৰিয়তে অসমৰ বহু শিক্ষাৰ্থী বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত হোৱা কষ্ট বহু পৰিমাণ হ্ৰাস হ'ব বুলি মন্তব্য কৰাৰ লগতে লগতে অভিভাৱকসকলে আৰ্থিক সকাহ লাভ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত বৰ্ষসমূহত শিক্ষা বিভাগৰ উন্নতিৰ বাবে আটাইতকৈ বেছি ধন ব্যয় কৰিছে। ইয়াৰোপৰি বৰ্তমান চৰকাৰে কেৱল বিনামূলীয়া চাইকেল বিতৰণতেই ক্ষান্ত নাথাকি চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া পাঠ্যপুথিৰ যোগান, বিনামূলীয়া পোছাকৰ যোগান, মধাহ্ন ভোজনৰ ব্যৱস্থাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

যাৰ জৰিয়তে শিক্ষাৰ্থীসকল যথেষ্ঠ পৰিমানে উপকৃত হৈছে। শেহতীয়াকৈ শিক্ষা সেতু এপৰ কাৰ্যকৰী কৰণৰ জৰিয়তে সমগ্ৰ প্ৰাথমিক, বুনিয়াদী আৰু মাধ্যমিক শিক্ষা ব্যৱস্থাটোক এক গতিশীল মাত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ বাবে সচাকৈয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীগৰাকী ধন্যবাদৰ পাত্ৰ বুলি মন্ত্ৰীগৰাকীয়ে অভিহিত কৰে।

প্ৰাঞ্জল মহন্তই আঁত ধৰা এই বিশেষ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, ৰহাৰ বিধায়ক শশী কান্ত দাস, নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, নগাঁও জিলা অগপৰ সভাপতি মণি মাধৱ মহন্ত, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও জিলা বিজেপি সভাপতি অভিজিত নাথ, নগাঁও জিলা শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীকে প্ৰমুখ্যে কৰি নগাঁও জিলাৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

নগাঁৱত নৱম শ্ৰেণীৰ শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগ...
বিহালীত বীৰাপ্পানৰ ৰূপত বিজেপি নেতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in