ডিজিটেল ডেস্কঃ লাহৰিঘাট সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁওৰ সমীপৰ বালিদোঙ্গা আৰু কুপ্তিমাৰী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে বিগত কিছুদিন ধৰি সৃষ্টি কৰি আহিছিল গৰা খহনীয়াৰ। সোমবাৰে এই অঞ্চলসমূহ পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই । উক্ত অঞ্চলটোত জলসম্পদ বিভাগে জিও বেগ আৰু পৰ্কুপাইন দি খহনীয়া ৰোধৰ বাবে অস্থায়ী ব্যৱস্থা গ্ৰহণ কৰিছে ।
আজি অঞ্চলটো পৰিদৰ্শন কৰি বিভাগীয় মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগক অতি শীঘ্ৰে এই স্থানত খহনীয়া ৰোধ কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনৰ সময়ত বিধায়ক আছিফ নাজাৰ, মৰিগাঁও জিলা আয়ুক্তৰ লগতে জলসম্পদ বিভাগৰ অভিযন্তা তথা আন আন বিষয়া সকল উপস্থিত থাকে।
Also Read: ইস্কনৰ উদ্যোগত গুৱাহাটী জগন্নাথ ৰথযাত্ৰা মহোৎসৱ-২০২৩...