বৈষ্ণৱ পণ্ডিত প্ৰয়াত ভূৱনেশ্বৰী মহন্তৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা

বৈষ্ণৱ পণ্ডিত প্ৰয়াত ভূৱনেশ্বৰী মহন্তৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা

author-image
Asomiya Pratidin
New Update
বৈষ্ণৱ পণ্ডিত প্ৰয়াত ভূৱনেশ্বৰী মহন্তৰ বাসগৃহত বিধায়ক ৰূপক শৰ্মা

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা শ'লগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰৰ পত্নী তথা বৈষ্ণৱ পণ্ডিত সদ্য প্ৰয়াত ভূৱনেশ্বৰী মহন্তৰ বাসগৃহত শনিবাৰে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ আইগৰাকীৰ বিদেহ আত্মাৰ শান্তি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াকবৰ্গক সমবেদনা জ্ঞাপন কৰে। উল্লেখ্য যে, ২০ অক্টোবৰত শতবৰ্ষ অতিক্ৰম কৰিবলৈ এমাহ বাকী থকা সময়তে মৃত্যু হোৱা ভূৱনেশ্বৰী মহন্ত বটদ্ৰৱাৰ আতাইতকৈ বয়োজেষ্ঠ মহিলা আছিল।

কীৰ্তন, দশম, বৰগীত আদি সকলো মুখস্থ থকা আইমাতৃগৰাকীয় ১৯৬১ চনতে বটদ্ৰৱা থানৰ চৈধ্য প্ৰসঙ্গৰ অন্যতম আইসকলৰ নাম প্ৰসংগৰ নামলগোৱানী(নামতি) হিচাপে সেৱা আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা ২০০২ চনলৈকে আইগৰাকীয়ে সত্ৰৰ মূল নাম লগোৱাৰ দায়িত্বত থাকি পুৱা-গধূলি প্ৰসংগত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিছিল।

১৯৭৮ চনত আয়ে ভকতীয়া বৰভাগী মালা বস্তু গ্ৰহণ কৰি পাছলৈ কেৱলীয়া জপ আৰম্ভ কৰি ভক্তি মাৰ্গৰ মোক্ষ সাধনাৰ স্তৰত কৃষ্ণৰ চৰণত সমৰ্পিত জীৱন অতিবাহিত কৰিছিল। আজি বিধায়ক ৰূপক শৰ্মা আইগৰাকীৰ বাসগৃহত উপস্থিত হৈ সৰলমনৰ, মৰমীয়াল আইগৰাকীক লগ পোৱাৰ স্মৃতি ৰোমন্থন কৰে। লগতে, সকলোৰে শ্ৰদ্ধাৰ বটবৃক্ষসদৃশ আইমাতৃগৰাকীৰ বিয়োগত ম্ৰিয়মান" বুলি শোক প্ৰকাশ কৰে।

Also Read: জামুগুৰিহাটত দুৰ্বৃত্তৰ অতপালি : ঔষধ ছটিয়াই লুটি নিলে নগদ ধন

RUPAK SARMA