নগাঁৱত একেদিনাই ১৪ টাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱত একেদিনাই ১৪ টাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত নতুনকৈ পুনৰ নিৰ্মাণ কৰা ১৪ টাকৈ গুৰুত্বপূৰ্ণ পথৰ একেদিনাই শুভ উদ্বোধন কৰিলে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও পৌৰসভাৰ উদ্যোগত পুনৰ নিৰ্মাণ হোৱা পৌৰসভা এলেকাধীন পথসমূহৰ মঙলবাৰে বিধায়ক ৰূপক শৰ্মাই শুভ উদ্ধোধন কৰে।

তেঁও কয়- যাতায়তৰ ক্ষেত্ৰত জনসাধাৰণে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন যাতে হ'ব নালাগে এই ক্ষেত্ৰত আমাৰ চৰকাৰে অহৰহ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আশা কৰো নগাঁও চহৰত কেইবাটাও মহলাত পুনঃনিৰ্মাণ কৰা পথসমূহৰ জৰিয়তে অঞ্চলবাসীৰ লগতে চহৰবাসী যথেষ্ট উপকৃত হ'ব পাৰিব।

নগাঁও পৌৰসভাই ৰাইজৰ যাতায়তৰ সুবিধাৰ অৰ্থে সুন্দৰকৈ পুনৰ নিৰ্মাণ কৰি উলিওৱা পথসমূহৰ বাবে নগাঁও পৌৰসভাকো বিধায়ক শৰ্মাই ধন্যবাদ জনায়। নগাঁও পৌৰসভাৰ কেইবাটাও মহলাত আজি শুভ উদ্বোধন কৰা পথ সমূহ ক্ৰমে- ৩ নং মহলাৰ মাধৱদেৱ পথৰ উপপথ -৩,২নং মহলাৰ হয়বৰগাঁও ষ্টেচন পথৰ উপপথ -৩, ৫ নং মহলাৰ দেৱ মহন্ত পথৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সংযুক্ত উপপথ।

৬ নং মহলাৰ আৰ আৰ বি পথত(উপপথ), ২৬ নং মহলাৰ চকীটুপ উপপথ,২৬ নং মহলাৰ চকীটুপ বাগ দেৱী কালী মন্দিৰ উপপথ,১২নং মহলাৰ এম আজাদ উপপথ,২৪ নং মহলাৰ লীলাধৰ কাকতি পথ,২৪ নং মহলাৰ উপপথ,২৩ নং মহলাৰ বিষ্ণু ৰাভা উপপথ ,সোফাল, ২৩ নং মহলাৰ বিষ্ণু ৰাভা উপপথ ,বাওফাল,২৩ নং মহলাৰে বিষ্ণু ৰাভা উপপথ ,১৭নং মহলাৰ পিয়লি ফুকন উপপথ আৰু ১৭নং মহলাৰ পিয়লি ফুকন উপ-পথ দ্বিতীয়।

অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, উপ-পৌৰপতি সীমান্ত বৰা, পৌৰসভাৰ কাৰ্যবাহী বিষয়া, সহকাৰী কাৰ্যবাহী অভিযন্তাসকল,পৌৰসভাৰ বিভিন্ন মহলাৰ মহলা আয়ুক্ত আৰু বিষয়া, কৰ্মচাৰী সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

নগাঁৱত একেদিনাই ১৪ টাকৈ গুৰুত্বপূৰ্ণ পথৰ শুভ উদ্বোধন বিধায়ক ৰূপক শৰ্মাৰ
ৰঙিয়া মহাবিদ্যালয়ত এদিনীয়া মানসিক স্বাস্থ্য সজাগতা শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in