ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসমৰ জাতীয় ঐতিহ্য পৰম্পৰাৰ বৰঘৰ স্বৰূপ সত্ৰসমূহ। এই সত্ৰৰ ঐতিহ্য ৰক্ষাৰ স্বাৰ্থত একত্ৰিত হ'ল নগাঁও-মৰিগাঁও জিলাৰ ১৬ খনকৈ সত্ৰৰ সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ।
সত্ৰৰ হেৰুৱা ভূমি উদ্ধাৰৰ বাবে আৰম্ভ হ'ল আন্দোলন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ চৌদিশে সিচঁৰতি হৈ থকা নৰোৱা সত্র, কুজি সত্ৰ, বালিসত্র, ওপৰ ডুমডুমীয়া সত্ৰ, কোবাইকটা সত্ৰ, শলগুৰি সত্ৰ, ভেটিয়নী নৰোৱা সত্ৰৰ লগতে ভেটি মাটি বিলুপ্ত হৈ পৰা ৰামপুৰ সত্ৰকে আদি কৰি এই সত্ৰসমূহৰ হেজাৰ হেজাৰ বিঘা মাটি পমুৱা মুছলমান লোকে বেদখল কৰি জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে।
বহু সত্ৰৰ মাত্ৰ ভেটিৰ বাদে, আগ্ৰাসনৰ ফলত সকলো ভূমি নিঃশেষ হৈ পৰিল। এই অস্তিত্বৰ সংকটত ভূগি থকা ১৬ খন সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱসকল নৰোৱা কুজি সত্ৰত সমবেত হৈ গঠন কৰিলে সত্ৰ উদ্ধাৰ সমিতি।
সমিতিৰ দাবী সত্ৰৰ বেদখল হৈ থকা ভূমি উদ্ধাৰ কৰি খিলঞ্জীয়া লোকৰ অস্তিত্ব ৰক্ষা কৰি সত্ৰসমূহক পুনৰ জীৱিত কৰক। সত্ৰৰ মজিয়াত বহি ভূমি বেদখল মুক্ত নোহোৱা লৈকে, ভকত বৈষ্ণৱ, সত্ৰাধিকাৰে আন্দোলন চলাই নিয়াৰ কথা ঘোষণা কৰে।
Also Read: ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্ত ৫ বাংলাদেশী আটকঃ নিষিদ্ধ সামগ্ৰী জব্দ...